অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ( US Vice President Kamala Harris) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগৰাকী মহিলা ৰূপে ৰচিলে ইতিহাস

ভাৰতীয় মূলৰ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ( US Vice President Kamala Harris) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগৰাকী মহিলা ৰূপে ৰচিলে ইতিহাস। ৰাষ্ট্ৰপতি জো বাইডেন (US President Joe Biden)ৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে। মুঠ ১ ঘণ্টা ২৫ মিনিটৰ বাবে এই মহান আৰু গুৰু দায়িত্ব লৈ কমলা হেৰিছে অভিলেখ গঢ়িলে।

ৰাষ্ট্ৰপতি জো বাইডেনৰ এক অসুস্ততাৰ বাবে তেওঁক এনাস্থেছিয়া দিয়া হৈছিল। এই সময়ছোৱাত বাইডেন অচেতন হৈ আছিল। সেয়ে এই সময়ছোৱাৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল। হোৱাইত হাউছে (White House) জনোৱা মতে আবেলি ৩ বাজি ১০ মিনিটৰ পৰা ৪ বাজি ৩৫ মিনিটলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা অৰ্জন কৰিছিল কমলা হেৰিছে। এইয়া আমেৰিকাৰ ইতিহাসতে প্ৰথম ঘটনা য’ত এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰিছিল। ৭৯ বছৰীয়া বাইডেনৰ জন্ম দিনৰ আগমুহূৰ্তত নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত এই সাময়িক ক্ষমতা হস্তান্তৰকৰণ কৰা হৈছিল। কলনোস্কোপী পৰীক্ষাৰ বাবে এননাশ্থেছিয়া দিয়া হৈছিল বাইডেনক।

Leave A Reply

Your email address will not be published.