অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

মহাৰাষ্ট্রৰ জৱাহৰলাল নেহৰু প’ৰ্ট ট্ৰাষ্ট পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

0

ভাৰতৰ অন্যতম প্রধান কন্টেইনাৰ হেণ্ডলিং বন্দৰ, মহাৰাষ্ট্রৰ জৱাহৰলাল নেহৰু প’ৰ্ট ট্ৰাষ্ট পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে। কাল জংচনত জেএনপিটি পাের্ট ৰােড কনক্রেটাইজেচন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ উদ্বোধন, অত্যাধুনিক পার্কিং প্লাজা, মাল্টি-প্রডাক্ট এছইজেড (SEZ) আৰু হিন্দটার্মিনেল চিএফএছ পৰিদৰ্শন কৰে সােণােৱালে।

বন্দৰ হাস্পতালৰ মেডিকেল অক্সিজেন প্লান্টৰ শুভ উদ্বোধন কৰাৰ উপৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিএমটিটিপিএলৰ ‘স্মার্ট বন্দৰ পদক্ষেপ’ৰো বুজ লয় l  ভাৰত চৰকাৰৰ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে ভাৰতৰ অন্যতম প্রধান কন্টেইনাৰ হেণ্ডলিং বন্দৰ, মহাৰাষ্ট্রৰ জৱাহৰলাল নেহৰু প’ৰ্ট ট্রাষ্ট  পৰিদৰ্শন কৰে।

ভ্রমণকালত তেওঁ বন্দৰৰ কার্যকলাপ, আন্তঃগাঁথনিগত আৰু প্রযুক্তিগত উন্নতিৰ বিষয়ে বুজ লয় আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে বন্দৰটোৱে কৰা অগ্রগতি পর্যালােচনা কৰে। আৰু লগতে বন্দৰটোৰ মুখ্য অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰে।

দিনটোৰ আৰম্ভণিতে বন্দৰটোৰ অধ্যক্ষ, আইএএছ সঞ্জয় শেঠী আৰু উপাধ্যক্ষ, আইআৰএছ উনমেশ শাৰদ ৱাঘে কেন্দ্রীয় মন্ত্রীগৰাকীক আদৰণি জনায়, য’ত বন্দৰটোত নিয়ােজিত চিআইএছএফ জোৱানে তেওঁক গার্ড অফ অনাৰ প্ৰদান কৰে।

বন্দৰটোত দিনজোৰা ভ্রমণকালত সর্বানন্দ সােণােৱালে কাল জংচনত জেএনপিটি পাের্ট ৰােড কনক্রেটাইজেচন প্ৰকল্পৰ ‘ভূমি পূজন অনুষ্ঠান’ উদ্বোধন কৰে আৰু চিপিপি কমাণ্ড কেন্দ্ৰত ইয়াৰ প্রযুক্তিসক্ষম কার্যকলাপৰ পর্যালােচনা কৰিবলৈ জেএনপিটি অত্যাধুনিক পার্কিং প্লাজা পৰিদৰ্শন কৰে।

তদুপৰি তেওঁ সামুদ্রিক যােগান শৃংখলাৰ এক অবিচ্ছেদ্য অংশ হৈ থকা কন্টেইনাৰ ট্রাকচালকসকলৰ সৈতেও বার্তালাপ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জিটিআই হাউছত টার্মিনেল কার্যকলাপৰ ওপৰত এক প্রেজেন্টেচনৰাে পর্যালােচনা কৰে।

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিএমচিটিপিএলৰ ‘স্মার্ট বন্দৰ পদক্ষেপ’ৰাে বুজ লয় আৰু ইয়াৰ দ্বিতীয় পর্যায়ৰ সম্প্ৰসাৰণৰ অগ্রগতি পর্যালােচনা কৰে। সংবাদ মেলত সম্বােধন কৰি সৰ্বানন্দ সােণােৱালে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বই কেনেদৰে দেশৰ প্রগতি ত্বৰান্বিত কৰিব পাৰে, সেই বিষয়ে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.