অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মনোনয়ন দাখিলৰ সময়ত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই। অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল। বৰ্তমানলৈ বিৰোধীয়ে ঘোষণা কৰা নাই ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। বিনা প্ৰতিদ্বন্দ্বিতাই সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ সম্ভাৱনা।

মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে কয়, ‘‘মাজুলীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। সময়ত দলে সিদ্ধান্ত ল’ব মাজুলী সম্পৰ্কত। মই যি পৰ্যায়ত নাথাকিলেও মাজুলী, অসমবাসী, ভাৰতবাসীৰ প্ৰতি সেৱা আগবঢ়াই যাম। মাজুলীৰ বিধায়ক পদ ত্যাগৰ ক্ষেত্ৰত সময় আছে, আজি মনোনয়ন দাখিল হৈছেহে।’’

সোণোৱালে ক’লে – বিজেপি আৰু মিত্ৰদলৰ বিধায়কসকলৰ সহযোগত মনোনয়ন পত্ৰ দাখিল কৰা হ’ল। নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, অমিত শ্বাহ, বি এল সন্তোষ ডাঙৰীয়াক ধন্যবাদ। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি, বিধায়ক-সাংসদক ধন্যবাদ, অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। অসমৰ সেৱা কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ বাবে নাম প্ৰস্তাৱ কৰিছে।

Leave A Reply

Your email address will not be published.