অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আজি দুৰ্গা পূজাৰ (Durga Puja 2021) অন্তিমটো দিন

0

আজি দুৰ্গা পূজাৰ (Durga Puja 2021) অন্তিমটো দিন। পুৱাৰে পৰা পূজা মণ্ডপত আৰম্ভ হৈছে দশমী বিহিত পূজা। ষষ্ঠীত আদৰি আনি বিজয়া দশমীৰ দিনাই ভক্তগণে বিদায় দিয়ে দেৱী দুৰ্গাক। লগে লগে অন্ত পৰে পূজাৰ উছাহ-উদ্দীপনা।

আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিব মা দুৰ্গাক। বিজয়া দশমীৰ দেৱীৰ আশীষ ল’বলৈ ভক্তসকলে ভিৰ কৰিছে পূজাস্থলীত। মহানগৰীতো সাজু কৰা হৈছে দেৱী দুৰ্গাৰ বিসৰ্জনস্থলী। প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ সাজু কৰি তুলিছে প্ৰশাসনে। মহিলাসকলে সেন্দুৰ খেলি বিদায় দিব দেৱী দুৰ্গাক। বিজয়া দশমীৰ দিনাই দেৱী দুৰ্গাৰ প্ৰতিমা নৈত উটুৱাই দিয়া হয়। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দি এবছৰলৈ মা দুৰ্গাক বিদায় দিয়া হয়। ইয়াৰ পূৰ্বে অপৰাজিতা পূজা কৰা হয়। দেৱীক বিদায় দিয়াৰ পূৰ্বে পূজাস্থলীসমূহত উছৱ মুখৰ পৰিৱেশ। Covid প্ৰট’কল অনুসৰণ কৰি এইবেলি প্ৰতিমা বিসৰ্জন দিয়া হ’ব। অৱশ্যে এইবাৰ প্ৰতিমা বিসৰ্জনত সমদল বাহিৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধা আৰোপ কৰিছে। বিসৰ্জনৰ বাবে প্ৰয়োজনীয় ব্যক্তিসকলেহে যাব পাৰিব বিসৰ্জনস্থলীলৈ।

Leave A Reply

Your email address will not be published.