অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি

0

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি। সেই লৈ পুৱাৰে পৰাই ৰাজ্যৰ নামঘৰে নামঘৰে চলিছে গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন।  ১৪৪৯ চনত শ্যামলী অসমী আইৰ বুকুত আবিৰ্ভাৱ হৈ যুগদ্ৰষ্টা, সৰ্বগুণাকৰ মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে অসূয়া-অপ্ৰীতি, অন্যায়-অবিচাৰেৰে পৰিবেষ্টিত সেই সময়ৰ সমাজ ব্যৱস্থাক সংস্কাৰ কৰি এখন সুস্থ সমাজ গঠন কৰা বিষয়টো লক্ষ্য আৰু উদেশ্য হিচাপে লৈ আধ্যাত্মিক চিন্তা-চৰ্চাৰে একপ্ৰকাৰ আন্দোলন গঢ়ি তুলিছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাজবাদ গঢ়াৰ যি আদৰ্শ, সেয়া আজিও সমাজৰ পৰা লোপ পোৱা নাই‌। তেতিয়াই গুৰুজনাই কৃষ্ণ সংস্কৃতিৰ জড়িয়তে বিজ্ঞানসন্মত সমাজবাদৰ আন্তঃগাঠনি ৰচনা কৰিছিল। নামঘৰ আৰু সত্ৰসমূহ আছিল এই সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি তথা অসমীয়া সমাজলৈ আগবঢ়াই যোৱা মহৎ অৱদানেৰে আজিও অসমীয়া জাতি চহকী হৈ আছে। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এগৰাকী ধৰ্ম প্ৰচাৰকেই নাছিল। একেধাৰে  সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ আকৰ আছিল জাতিৰ জনক গুৰু শংকৰ।অৱহেলিত, অনাদৃত, শোষিত-নিস্পেষিত, উৎপীড়িত-নিৰ্যাতিত সকলৰ ধৰ্ম, সামাজিক , সাংস্কৃতিক, নৈতিক আৰু বৌদ্ধিক বিকাশৰ বাবে বৰ্ণনাতীত ত্যাগ আৰু নিৰন্তৰ সাধনাৰে সমস্ত শাস্ত্ৰ তত্ব ভেদি,  সনাতন সত্য প্ৰকাশি এক সৰ্বোত্তম মানৱ কল্যাণকামী আদৰ্শ প্ৰদান কৰি জাতিৰ প্ৰাণ প্ৰতিষ্ঠাৰ একক আৰু অন্যতম হিচাপে আজিও পৰিচিত  গুৰু শংকৰে। কাৰ্লমাক্সতকৈয়ো আগতেই সমাজবাদৰ বুনিয়াদ ৰচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জাতি গঠন প্ৰক্ৰিয়া কোনো গুণে নুই কৰিব নোৱাৰি।আজি গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নামঘৰসমুহত হৰিনামৰ ধ্বনি উঠিছে।চলিছে অসমীয়া জাতিৰ বৰঘৰলৈ আগবঢ়াই যোৱা চিৰসেউজ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন। লগতে শুনিবলৈ পোৱা গৈছে খোল-তাল, ডবা শংখৰ ধ্বনি।জাতিক ন-ৰূপত সজাই তোলা মহাপুৰুষ জনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তীত আমি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত।

Leave A Reply

Your email address will not be published.