অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আজি ৰতন টাটাৰ জন্মদিন (Ratan Tata Birthday)

0

আজি ৰতন টাটাৰ জন্মদিন (Ratan Tata Birthday)। ৮৪ বছৰীয়া হ’ল ৰতন টাটা। ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত ৰতন টাটা আটাইতকৈ প্ৰসিদ্ধ নামৰ ভিতৰত এটা। ৰতন টাটা এগৰাকী ভাৰতীয় উদ্যোগপতি, বিনিয়োগকাৰী, পৰোপকাৰী আৰু টাটা ছনছৰ প্ৰাক্তন অধ্যক্ষ। ৰতন টাটাক ২০০৮ বৰ্ষত পদ্মবিভূষণ আৰু ২০০০ চনত পদ্মভূষণ সন্মান প্ৰদান কৰা হয়।

ৰটন টাটাৰ জন্ম ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ভাৰতৰ চুৰাটত হৈছিল। ৰতন টাটাৰ আৰম্ভণি শিক্ষা মুম্বাইৰ কেম্পিয়ান স্কুলত হৈছিল আৰু কেথেড্ৰলতে নিজৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰে। ইয়াৰ পিছত তেওঁ ডন কেনন কলেজৰ পৰা বিএছচি ডিগ্ৰী কৰে। পিছত কৰ্নেল ইউনিভাৰ্ছিটীৰ পৰা ১৯৬২ চনত ইঞ্জিনিয়াৰিং আৰু ১৯৭৫ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভাঞ্চ মেনেজমেণ্ট প্ৰগ্ৰাম কৰে।

আজি ৰতন টাটাৰ জন্মদিনত তেওঁ কোৱা কিছুমান কথা (Motivational Quotes by Ratan Tata)  

– ‘মই সঠিক নিৰ্ণয় লোৱাত বিশ্বাস নকৰো। মই নিৰ্ণয় লওঁ আৰু তাক সঠিক কৰি তোলো।

– এনে বহু বস্তু আছে যিটো মই দুবাৰ জীয়াই থকাৰ সুবিধা পালে হয়তো পৃথক ধৰণে কৰিম। কিন্তু মই পিছলৈ ঘূৰি নাচাওঁ যে মই কি কৰিব নোৱাৰিলো।

 যি পাথৰ মানুহে তোমালৈ দলিয়াই, তাৰ ব্যৱহাৰ স্মাৰক বনোৱাত কৰা।

– যদি আপুনি সোনকালে যাব বিচাৰে তেন্তে অকলে যাওক, আৰু যদি বহুদূৰ যাব বিচাৰে তেন্তে আনৰ সৈতে একেলগে যাওক।

– যিয়ে আনক নকল কৰে, তেওঁ কিছু সময়ৰ বাবে সফল হ’ব পাৰে। কিন্তু জীৱনত বহুত আগলৈ যাব নোৱাৰে।

– লোহাক কোনোৱে নষ্ট কৰিব নোৱাৰে। তাৰ নিজৰে যুঁজত সি নষ্ট হয়। সেইদৰে, কোনো লোককে নষ্ট কৰিব নোৱাৰি, কিন্তু তেওঁৰ নিজৰ মানসিকতাই কৰিব পাৰে।

– জীৱনত আগবাঢ়িবলৈ উত্থান–পতন প্ৰয়োজন, কিয়নো ইচিজিতো এডাল চিধা ৰেখাৰ অৰ্থ হ’ল আপুনি জীয়াই থকা নাই।

ৰতন টাটা কেৱল উদ্যোগ জগতত নিজৰ সফলতাৰ বাবেই নহয়, নিজৰ ব্যক্তিত্বৰ বাবেও জনাজাত। তেওঁ ১৯৯১চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল। তেওঁৰ নেতৃত্বত টাটা গ্ৰুপে ডাঙৰ সফলতা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.