অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আজি লাচিত দিৱস, সমগ্ৰ ৰাজ্যত অসমীয়াৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক লাচিতক সশ্ৰদ্ধ স্মৰণ কৰিছে

0

অসমৰ শৌৰ্য, বীৰ্যৰ প্ৰতিক বীৰ লাচিতৰ আজি জন্মদিন। ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ লাচিত শৰাইঘাট ৰণৰ নায়ক আছিল। এইগাৰীক মহান বীৰৰ নামেৰেই গঠিত বীৰ লাচিত সেনাই এইবাৰ লখিমপুৰত কেন্দ্ৰিয়ভাৱে উদযাপন কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। আটকধুনীয়াকৈ সজাই তোলা হৈছে লাচিত দিৱস কাৰ্যসূচীৰ বাবে নিৰ্মিত অধিৱেশনস্থলী। উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত বীৰ লাচিত সেনাই দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। ২৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীৰ আজি মূল সভা অনুষ্ঠিত হ’ব। এই মূল সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰি বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে। আনহাতে এই মূল সভাত উপস্থিত থাকিব ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতাই। ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত। সংগঠনটোৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৩৩ খন জিলাৰ প্ৰতিনিধিয়ে দুদিন পূৰ্বেই যাত্ৰা কৰিছে। এইবাৰ সংগঠনটোৰ লাচিত দিৱস উদযাপনৰ মূল শ্ল’গান হৈছে অটল, অদম্য, অজেয়। ইফালে ৰাজ্যিক কেবিনেট বৈঠক বঙাইগাঁৱত অনু্ষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ পূৰ্বেই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ উপৰিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীসকল।

Leave A Reply

Your email address will not be published.