অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আজি কাতি বিহু

0

আজি কাতি বিহু৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা আধ্যাত্মিক চেতনা আৰু লোকাচাৰ অক্ষুণ্ণ ৰাখি হেঁপাহৰ কাতি বিহু পালনৰ বাবে অসমীয়া ৰাইজ সাজু হৈ উঠিছে৷ কৃষিজীৱী অসমীয়াই নিজৰ খেতিডৰাৰ শ্ৰীবৃদ্ধিৰ লগতে গৃহস্থৰ মংগল কামনা কৰি চাকি বন্তি জ্বলোৱাৰ বাবে প্ৰস্তুতি চলাইছে৷ আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদুলি৷

কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি আদি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল –পদূলি পৰিস্কাৰ হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।

চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই তাৰ গুৰিত চাকি জ্বলোৱাৰ উপৰি মাহ–প্ৰসাদ আগবঢ়ায়। তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ – ছাগলীৰ গৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে।

বঙাইগাঁৱৰ অভয়াপুৰীতো কাতি বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে৷ প্ৰতিঘৰ গৃহস্থই চোতাল, ঘৰ, তুলসীৰ তল আদি মচি সাজু হৈছে কাতি বিহু পালনৰ বাবে৷  চহা অসমীয়াই আশাৰ চাকিৰে নিজ ঘৰ, ভৰাল, পদুলি, খেতি পথাৰ উজলাই তোলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Leave A Reply

Your email address will not be published.