অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

ইজিপ্তৰ এচাৰা ইছমাইল (Esra Ismail) নামৰ দৃষ্টিহীন মহিলাগৰাকী এগৰাকী ভাল ফটোগ্ৰাফাৰ ৰূপে জনপ্ৰিয়

পৃথিৱীত এনে বহু সত্য আছে, যিয়ে স্বাভাৱিকতে অবাক কৰিব পাৰে আপোনাক। কিন্তু সাধনা আৰু পৰিশ্ৰমৰ ফলত নিজকে অসাধাৰণ ৰূপত উদ্ভাসিত কৰা ঘটনা আৰু আকৰ্ষণীয় তথা অনুপ্ৰেৰণামূলক। এনে এক সঁচা কাহিনীৰ ৰূপকাৰ হৈছে এগৰাকী মহিলা ফটোগ্ৰাফাৰ (photographer)। কিন্তু তেওঁ অন্ধ।

ইজিপ্তৰ এচাৰা ইছমাইল (Esra Ismail) নামৰ এই দৃষ্টিহীন মহিলাগৰাকী এগৰাকী ভাল ফটোগ্ৰাফাৰ ৰূপে জনপ্ৰিয়। কিন্তু অন্ধ মানুহৰ বাবে ফটোগ্ৰাফী কদাচিত সম্ভৱ নহয় বোলা কথাটোকে তেওঁ সম্ভব কৰি তুলিছে। ফটোগ্ৰাফীৰ বাবে পোহৰ, কোণ, কেমেৰা ছেটিংছৰ দৰে প্ৰক্ৰিয়াবোৰ এচৰাই দৃষ্টি অবিহনে কৰে। এচাৰা এতিয়া এগৰাকী অন্ধ ফটোগ্ৰাফাৰ হোৱাৰ বাবে বিখ্যাত আৰু এই কৃতিত্ব অৰ্জন কৰা তেওঁৰ দেশৰ (Egypt) প্ৰথমগৰাকী মহিলা। ফটোগ্ৰাফী ভাল পাইছিল বাবে অশেষ চেষ্টাৰ অন্তত তেওঁ ইয়াক আয়ত্তলৈ আনিছিল। এচাৰাৰ বয়স এতিয়া ২২ বছৰ আৰু তেওঁ আলেকজেন্দ্ৰিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল।

তেওঁ প্ৰথমে ফটোগ্ৰাফীৰ সকলো প্ৰক্ৰিয়া শিকিছিল। মানসিকভাৱে সকলো টেকনিক এনেদৰে শিকি পেলাইছিল যে তেওঁ এতিয়া যিকোনো বস্তুৰ ফটো সহজে ক্লিক কৰে। তেওঁ কেমেৰাৰ লেন্স বা আন ছেটিং শব্দৰ জৰিয়তে কৰে। দৃষ্টি নহয় শ্ৰৱণৰ মাজেৰে কৰে ফটোগ্ৰাফীৰ কাম-কাজ। ফটো তুলিব লগা ব্যক্তিৰ পৰা অহা শব্দ অনুসৰণ কৰি দূৰত্ব বাছনি কৰে। আগতে,  এয়া তেওঁৰ বাবে কঠিন আছিল, কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰমে তেওঁক সাৰ্থকতা দিয়ে।

উল্লেখ্য, ভাৰততো দৃষ্টিহীন ফটোগ্ৰাফাৰ (blind photographer) আছে। প্ৰণৱ লাল এনে এগৰাকী ফটোগ্ৰাফাৰ যি দৃষ্টিহীন, কিন্তু এজন মহান ফটোগ্ৰাফাৰ। ইয়াৰ উপৰি জাৰ্মানীৰ বাৰ্লিনত বাস কৰা ফটোগ্ৰাফাৰ চিলিয়া কৰ্নো এনে এগৰাকী ফটোগ্ৰাফাৰ।

Leave A Reply

Your email address will not be published.