অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এটা পিৰামিড নিৰ্মাণ কৰি অভিলেখ ৰচিছে

পেলনীয়া সামগ্ৰীৰে জুগাড় বস্তু বনোৱা আপুনি শুনিছে ছাগে, কিন্তু পেলনীয়া সামগ্ৰীৰে বিশ্ব অভিলেখ (Weird World Record) গঢ়া আপুনি শুনিছেনে? বৃটেইনৰ ইলেক্ট্ৰনিকছ কোম্পানী কুৰীচ পিচি ৱৰ্ল্ডে (Currys PC World) এনে এক অভিলেখেই গঢ়িবলৈ সক্ষম হৈছে। ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰিচাইক্লিং কৰাত গুৰুত্ব দিয়া কোম্পানীটোৱে পুৰণি ৱাশ্বিং মেচিনেৰে সৰ্বোচ্চ ওখ পিৰামিড নিৰ্মাণৰ অভিলেখ গঢ়িছে।

কোম্পানীটোৱে পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এটা পিৰামিড নিৰ্মাণ কৰে। ইয়াৰ বাবে কোম্পানীটোক ১৪৯৬টা ৰিচাইকল কৰা ৱাশ্বিং মেচিন (Recycled Washing Machines)ৰ প্ৰয়োজন হৈছিল। ইয়াৰে ৪৪ ফুট ওখ পিৰামিডটো বনাই গিনীজ বিশ্ব অভলেখ (Record of largest pyramid of washing machine) ৰচিলে কোম্পানীটোৱে।

ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰিচাকল কৰাৰ বাবে সজাগতা সৃষ্টিৰ বাবে ছেপ্টেম্বৰ মাহৰ পৰা এনে এক কামৰ পৰিকল্পনা কৰিছিল কোম্পানীটোৱে। পুৰণি সাম্গ্ৰীকো নতুন জীৱন দিব পাৰি , এই বাণীৰেই কোম্পানীটোৱে ৰিচাইক্লিঙক সৰ্বাধিক গুৰুত্ব দি কম কৰি আহিছে।

উল্লেখ্য যে বৃটেইনত প্ৰতিবছৰ আনুমানিক ১.৪৫ মিলিয়ন টন ই-আৱৰ্জনা (E-Waste) ওলায়।

Leave A Reply

Your email address will not be published.