অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

উগ্ৰপন্থীৰ ভয়াৱহ এম্বুচত শ্বহীদ হোৱা ৪৬ অসম ৰাইফলছৰ জোৱান খাটনাই কন্যাকৰ অন্তিম সৎকাৰ সোমবাৰে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন

0

মণিপুৰত যোৱা ১৩ নবেম্বৰ ২০২১ত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুচত শ্বহীদ হোৱা ৪৬ অসম ৰাইফলছৰ জোৱান খাটনাই কন্যাকৰ অন্তিম সৎকাৰ সোমবাৰে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হয়। নগালেণ্ডৰ মন জিলাৰ টিজিতৰ নিজ গাঁও জাংখামত বহুলোকৰ উপস্থিতিত সম্পন্ন কৰা হয় অন্তিম সৎকাৰ।

উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া বিশেষ হেলিকপ্টাৰ যোগে নিজ গাঁৱলৈ অনা হৈছিল বীৰ শ্বহীদ জনৰ নশ্বৰ দেহ। এক শোকাকুল পৰিবেশৰ মাজেৰে অশ্ৰুশিক্ত নয়নেৰে টিজিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম ৰাইফলছ, ১৬৪ নাগা টি এ ৰেজিমেণ্টৰ লগতে নগালেণ্ডৰ মন জিলা প্ৰশাসন, নগালেণ্ড চৰকাৰৰ প্ৰতিনিধি আৰু গাঁৱবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাই বীৰ শ্বহীদ জোৱান খাটনাই কন্যাকক। শ্বহীদ খাটনাই কন্যাকে ইহসংসাৰত পত্নী আৰু এটি ছয়মহীয়া কন্যা সন্তান, জ্যেষ্ঠ আৰু কনিষ্ঠ ভাতৃ, ভগ্নী আৰু পিতৃ মাতৃক এৰি থৈ যায়।উল্লেখযোগ্য যে বীৰ শ্বহীদ খাটনাই কন্যাকৰ পৰিয়ালৰ ওপৰত দুখৰ সাৰগ ভাঙি পৰিছে যদিও এফালে দেশৰ হকে সৰ্বোচ্চ বলিদান দিয়া বাবে গৌৰৱান্বিত বুলি জনাইছে। বীৰ শ্বহীদ খাটনাই কন্যাকৰ পিতৃয়ে কয়, ‘মোৰ আৰু দুগৰাকী সন্তান আছে প্ৰয়োজন হ’লে দেশৰ সেৱা আগবঢ়াবলৈ অসম ৰাইফলছক গটাই দিবলৈ সাজু আছো।’

Leave A Reply

Your email address will not be published.