অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আইচিচি মহিলা বিশ্বকাপ-২০২২ৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে

0

নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা বিশ্বকাপ-২০২২ৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।ঘোষিত ভাৰতীয় দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মিতালী ৰাজক।আনহাতে দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে হৰমনপ্ৰীত কৌৰক।

মুঠ ১৫ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দলটোত ৰিচা ঘোষ আৰু তানিয়া ভাটিয়াক উইকেটকিপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে ভাৰতীয় দলটোত জেমাইমা ৰড্ৰিগছ, শিখা পাণ্ডে, হাৰলীন দেওল, ৰাধা যাদৱ, বেদ কৃষ্ণমূৰ্তিৰ দৰে খেলুৱৈয়ে স্থান লাভ নকৰা বিষয়টোৱেও চৰ্চা লাভ কৰিছে। জেমিমাই ইংলেণ্ডত খেলা হাণ্ড্ৰেড আৰু বিগ বেছ লীগত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।

ঘোষিত ভাৰতীয় দলটোত চাব্বিনি মেঘনা, একতা বিষ্ট আৰু চিমৰণ দিল বাহাদুৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে।টীম ইণ্ডিয়াৰ বিশ্বকাপৰ প্ৰথমখন খেল ৬ মাৰ্চ, ২০২২ ত পাকিস্তানৰ বিৰুদ্ধে হ’ব। তাৰ পিছত দলটোৱে ১০ মাৰ্চত নিউজিলেণ্ড, ১২ মাৰ্চত ৱেষ্ট ইণ্ডিজ, ১৬ মাৰ্চত ইংলেণ্ড, ১৯ মাৰ্চত অষ্ট্ৰেলিয়া, ২২ মাৰ্চত বাংলাদেশ আৰু ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ’ব। ভাৰতীয় দলটোৱে বিশ্বকাপৰ আগতে নিউজিলেণ্ডৰ বিৰুদ্ধে এখন এদিনীয়া শৃংখলাও খেলিব। এই শৃংখলাটো ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। আই চি চি মহিলা বিশ্বকাপ-২০২২ লীগ ফৰ্মেটত অনুষ্ঠিত হ’ব। সকলো দলে এটাই আনটোৰ বিপক্ষে এখনকৈ মেচ খেলিব। বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৩০ মাৰ্চত ৱেলিংটনত অনুষ্ঠিত হ’ব। দ্বিতীয়খন ছেমি ফাইনেল ৩১ মাৰ্চত হেগল ওভালত আৰু ফাইনেল খন ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.