অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

ভাৰতীয় সেনাই শনিবাৰে ৭৪ তম সেনা দিৱস উদযাপন কৰিছে

0

ভাৰতীয় সেনাই শনিবাৰে ৭৪ তম সেনা দিৱস উদযাপন কৰিছে। সমগ্ৰে দেশে এই উপলক্ষে ভাৰতীয় সেনাক অভিনন্দন জনাৱোৰ লগতে সেনাই উদযাপন কৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সেনা দিৱস উপলক্ষে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনা দিৱস উপলক্ষে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সাহসী সৈনিক, সন্মানীয় প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ভাৰতীয় সেনা তেওঁলোকৰ সাহসিকতা আৰু পেছাদাৰীতাৰ বাবে জনাজাত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ অমূল্য অৱদান আমাৰ শব্দই ন্যায় কৰিব নোৱাৰে।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সেনা জোৱান আৰু প্ৰাক্তন সৈনিকসকলক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা গুৰুত্বপূৰ্ণ হৈ আছে। আমাৰ সৈনিকসকলে সীমান্ত সুৰক্ষিত কৰা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত পেছাদাৰীতা, ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰিছে। আপোনালোকৰ সেৱাৰ বাবে ৰাষ্ট্ৰ কৃতজ্ঞ। জয় হিন্দ।

উল্লেখ্য যে প্ৰতিবছৰে ১৫ জানুৱাৰীত আৰ্মি দিৱস পালন কৰি আহিছে দেশ। আজিৰ দিনটোতে ভাৰতীয় সেনা বৃটিছ সেনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছিল। ইয়াৰ পিছত প্ৰথমবাৰৰ বাবে লেফেটেনেণ্ট জেনেৰেল কে এম কৰিয়াপ্পা প্ৰথম ভাৰতীয় হিচাপে কামাণ্ডাৰ -ইন-চীফ হয়। কৰিয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম সেনা প্ৰধান আছিল।

Leave A Reply

Your email address will not be published.