অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

0

 ‘কাইলৈ দিনটো আমাৰ হ’ব’ বুলি আজি গুচি গ’ল বিশিষ্ট কবি সনন্ত তাঁতি (Poet Sananta Tanty Death) । দীৰ্ঘদিন ধৰি কবিগৰাকী অসুস্থ হৈ আছিল। সনন্ত তাঁতি। নতুন দিল্লীত নিশা ১.০৫ বজাত মৃত্যু হয় কবিজনৰ। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জীৱন আশাবদৰ কবিগৰাকীয়ে।

১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালিনগৰ চাহ বাগানত জন্ম হৈছিল কবি গৰাকীৰ। ‘কাইলৈ দিনটো আমাৰ হ’ব’ নামৰ কবিতাপুথিখনৰ বাবে ২০১৮ চনত তেওঁ সাহিত্য অকডেমী বঁটা লাভ কৰিছিল। ২০১৭ ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত হৈছিল কবি তাঁতি। মাটি আৰু মানুহৰ জয়গান গোৱা তাঁতিৰ কবিতাত জীৱনৰ মহত্ত্ব সুন্দৰকৈ উপস্থাপন কৰিছিল। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তবায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত শক্তিশালীৰূপত প্ৰতিফলিত হৈছিল।

কবি সন‍ন্ত তাঁতিৰ গ্ৰন্থসমূহ-

উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (কবিতা পুথি, ট্ৰেণ্ড, গুৱাহাটী, জানুৱাৰী ১৯৮১)

মই মানুহৰ অমল উৎসৱ (কবিতা পুথি, এল বি এছ পাব্লিকেশ্যন, গুৱাহাটী, নৱেম্বৰ ১৯৮৫)

নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, আগষ্ট ১৯৯০)

শব্দত অথবা শব্দহীনতাত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৩)

মৃত্যুৰ আগৰ ষ্টপেজত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬)

টোপনিতো কেতিয়াবা বাৰিষা আহে (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৭)

ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯)

দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প’ৰিয়াম, নলবাৰী, ২০০২)

আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪)

মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮)

মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০)

কাইলৈৰ দিনটো আমাৰ হ’ব (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩)

মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭)

‘Selected Poems Sananta Tanty’ (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)

কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।

Leave A Reply

Your email address will not be published.