অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

ৰাজধানী দিল্লীৰ ৰোহিণী ক’ৰ্ট চৌহদত সৃষ্টি তীব্ৰ আতংকৰ

0

ৰাজধানী দিল্লীৰোহিণী ক’ৰ্টত হাজিৰ কৰোৱাৰ সময়তে সংঘটিত হোৱা গুলীচালনাত গগী গেঙৰ মুৰব্বী জিতেন্দ্ৰ গগীৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে আক্ৰমণকাৰী দুই দুৰ্বৃত্তকো গুলীয়াই হত্যা কৰে। আনহাতে, গুলীচালনাৰ ঘটনাত ৰোহিণী ক’ৰ্ট চৌহদত সৃষ্টি তীব্ৰ আতংকৰ।

জানিব পৰা মতে, অধিবক্তাৰ পোছাকত অহা দুই দুৰ্বৃত্তই দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গগীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় তেওঁ। লগে লগে গগীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক সাবটি লয়। আনহাতে, ক’ৰ্ট চৌহদত আক্ৰমণ কৰা দুৰ্বৃত্তলৈ আৰক্ষীয়ে গুলীচালনা কৰাত ৫০ হাজাৰ পুৰস্কাৰ ধাৰ্য কৰা ৰাহুলসহ আন এটা দুৰ্বৃত্ত নিহত হয়।

আৰক্ষীৰ মতে, এই আক্ৰমণ ক’ৰ্টৰ ৰুং নং ২০৭ৰ ভিতৰত হয়। য’ত গগীক হাজিৰ কৰোৱা হৈছিল। আক্ৰমণকাৰী পূৰ্বৰে পৰা অধিবক্তাৰ পোছাকত খাপ পিটি আছিল। গগীক আৰক্ষীয়ে ভিতৰলৈ লৈ যোৱাৰ লগে লগে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। আৰক্ষীয়েও লগে লগে গুলীৰে প্ৰত্যুত্তৰ দিয়াত থিতাতে নিহত হয় দুই আক্ৰমণকাৰী।

উল্লেখযোগ্য যে নিহত গগী এজন কুখ্যাত অপৰাধী। তেওঁৰ ওপৰত হত্যা, বলপূৰ্বক ধনদাবী আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ দৰে গোচৰ আছে। তেওঁক বিগত বৰ্ষত দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামত গ্ৰেপ্তাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.