অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

অমিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল দৰৱৰ ব্যৱহাৰত অনুমোদন জনাইছে

0

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নতুনকৈ কোৰোণা সংক্ৰমণে আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ বাঢ়িব ধৰাত চিন্তিত হৈ পৰিছে চৰকাৰ। অমিক্ৰনৰ সংক্ৰমণৰ লগে লগে দেশত কোৰোণাৰ তৃতীয় লহৰৰ সংক্ৰমণৰো আশংকা ঘনীভূত হৈছে। সেয়ে জৰুৰী হৈ পৰিছে কোৰোণাৰ বিৰুদ্ধে যুঁজ শক্তি শালী কৰি তোলা।

কোভিডৰ বিশেষকৈ অমিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল দৰৱৰ ব্যৱহাৰত অনুমোদন জনাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিতসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে এই কথা সদৰী কৰিছে। উল্লেখ্য ভাৰতত ইতিমধ্যে কোভাক্সিন, কোভিশ্বিল্ড আৰু স্পুটনীক ভেকচিন ব্যৱহাৰ হৈ আছে।

Leave A Reply

Your email address will not be published.