অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

আগন্তুক উপ নিৰ্বাচনত এটা সমষ্টিতো প্ৰাৰ্থীত্ব নিদিয়ে অসম গণ পৰিষদ দলে

0

আগন্তুক উপ নিৰ্বাচনত এটা সমষ্টিতো প্ৰাৰ্থীত্ব নিদিয়ে অসম গণ পৰিষদ দলে। বিজেপিৰ মিত্ৰদল তথা বৰ্তমান চৰকাৰৰ অংশীদাৰ দলটোৱে এটাও সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰিছে অগপ সভাপতি অতুল বৰাই।

উল্লেখ্য যে উপ নিৰ্বাচন হ’বলগীয়া ছয়টা সমষ্টিতে পূৰ্বে আছিল অগপৰ বিধায়ক। কিন্তু এতিয়া এজনো প্ৰাৰ্থী দিবলৈ সাহস কৰা নাই আঞ্চলিক দলটোৱে।

অগু সভাপতি অতুল বৰাই কয়, “ছয়খনআসনতে আমি পূৰ্বতে জিকিছিলোঁ, কিন্তু এতিয়া নোৱাৰোঁ।” এই অকপট স্বীকাৰোক্তি অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ।

“জনগাঁথনি সলনি হৈছে সমষ্টি সমুহৰ, সেয়ে আমি জিকিব নোৱাৰোঁ। আসন দাবী কৰা আৰু খেলাটো ডাঙৰ কথা নহয়, কিন্তু জয় হ’ব নোৱাৰিম।”

তেওঁ আকৌ কয় যে ২০২১ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুত আমি হাৰিছোঁ। গতিকে আকৌ প্ৰাৰ্থী দিয়াৰ কথা ভবা নাই।

৩০ অক্টোৱৰত গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব বিধান সভাৰ উপ নিৰ্বাচন। মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোছণা কৰা হোৱা নাই যদিও ইপ নিৰ্বাচন নিশ্চিত হৈ আছে।

উল্লেখ্য যে অগপই একমাত্ৰ দল যি এই ছয়োটা সমষ্টিতে পূৰ্বে বিধায়ক জয় কৰাইছিল।

ভৱানীপুৰ সমষ্টিত  অভিলেখ সংখ্যক চাৰিবাৰ অগপ বিধায়ক জয়ী হৈছিল।

মাজুলী সমষ্টিতো চাৰিবাৰ জয় হৈছিল অগপ প্ৰাৰ্থী

গোসাইগাঁও আৰু থাওৰাৰ অগপ বিধায়কে পাইছিল মন্ত্ৰীত্বৰ সোৱাদ।

তামুলপুৰত ভবেন নাৰ্জাৰী আৰু মৰিয়নিত নৰেন তাঁতী অগপৰ বিধায়ক আছিল।

Leave A Reply

Your email address will not be published.