অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট বৈঠক

0

প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট বৈঠক। বুধবাৰৰ ১১ বজাৰ পৰা বঙাইগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠক। বৈঠকৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বিজিৎ দৈমাৰীৰ লগতে অন্যান্য মন্ত্ৰী সকলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত ধেমাজিত অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ বাহিৰত আৰু প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত হৈছে। এই বৈঠকত অসম আৰক্ষীৰ ৫ টা নতুন বেটেলিয়ন, ৬ হাজাৰ নতুন আৰক্ষী কনিষ্টবল নিযুক্তি প্ৰসংগত আনুষ্ঠানিকতা প্ৰদান কৰাৰ সম্ভাৱনা আছে। আনহাতে মে’ মাহৰ পূৰ্বে ১ লাখ নিযুক্তিৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে বৈঠকৰ পিছতে তেওঁ চিলাৰায় বজাৰৰ আধাৰশিলা, মাজগাওঁ প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন, পাগলাস্থানৰ ক্লক টাৱাৰ উদ্বোধন, খাৰিজা দোলাইগাঁৱত এফোৰ্ডেবল হাউচিং পাৰ্টনাৰশ্বিপৰ আধাৰশিলা, পিৰৱেশ উদ্যানৰ একুৰিয়াম গৃহৰ উদ্বোধন আদিৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আনহাতে এই ভ্ৰমণৰ সময়ছোৱাতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন দল সংগঠনৰ নেতাৰ সৈতে মত বিনিময় কৰিব। বৃহস্পতিবাৰে তেওঁ অংশগ্ৰহণ কৰিব কেইবাটাও দলীয় কাৰ্যসূচীত।

Leave A Reply

Your email address will not be published.