অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান

0

অসমত প্ৰতিজন লোককে কোৰোণাৰ প্ৰথম পালি ভেকচিন (Covid Vaccine) প্ৰদানৰ লক্ষ্যত উপনীত হ’বলৈ আজিৰে পৰা সমগ্ৰ ৰাজ্যত চলিব বিশেষ ভেকচিন অভিযান(Covid Vaccine Special Drive)। আগন্তুক ৫ ডিচেম্বৰৰ ভিতৰত যোগ্য সকলো লোককেই ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে।  ইয়াৰ বাবে চৰকাৰে ৩৩,৫৩০টা ভোটকেন্দ্ৰ অধীনৰ থকা প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ তেওঁলোকৰ উপযুক্ত লোকসকলে ভেকচিন লৈছে নে নাই সেয়া পৰীক্ষা কৰিব আৰু কোনোবা ভেকচিন নোলোৱা লোক থাকিলে তেওঁক ওচৰৰ ভোটকেন্দ্ৰতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব।

উল্লেখ্য যে অসমত প্ৰায় ২ কোটি ১০ লাখ ভেকচিন যোগ্য লোক আছে। স্বাস্থ্য বিভাগৰ তথ্য মতে ইতিমধ্যে ২ কোটি ৯ লাখ লোকে প্ৰথম পালি ভেকচিন লৈছে আৰু প্ৰায় ১ কোটি ১৫ লাখ লোকে দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।

ৰাজ্যখনত যাতে ১০০ শতাংশ লোকে কোৰোণা ভেকচিন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই অলপতে টুইটযোগে আজিৰে পৰা আৰম্ভ হ’বলগীয়া ভেকচিন অভিযানৰ কথা উল্লেখ কৰিছিল। তেওঁ কয় যে সকলো লোকে যাতে ভেকচিন লয় সেয়া সুনিশ্চিত কৰিবলৈ মিছন মুডত ভেকচিন অভিযান চলাব লাগিব।

একেসময়তে সকলো লোকে দ্বিতীয় পালি ভেকচিনো লয় তাৰ বাবে ব্যৱস্থা ল’বলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। স্বাস্থ্যমন্ত্ৰীৰ লগতে, ৰাজ্যৰ মুখ্য সচিব, সকলো মন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীসকলকো এই দিশত প্ৰশাসনক সহযোগ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। #Covid Vaccination Completion campaign” সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

Leave A Reply

Your email address will not be published.