অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

বংগোপ সাগৰত হোৱা মৌচুমীৰ ফলত অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি অধিক শোচনীয়

0

বংগোপ সাগৰত হোৱা মৌচুমীৰ ফলত অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত মূষলধাৰ বৰষুণ অব্যাহত আছে। বৰষুণৰ সৈতে জড়িত ঘটনাত এতিয়ালৈ ৩৩জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, ১২ জন লোক সন্ধানহীন হৈ থকাৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰ উপৰি ৰাজ্যখনত ৰে’ল যাতায়াতো প্ৰভাৱিত হৈছে। দক্ষিণ মধ্য ৰে’লৱেই কয় যে নেল্লোৰৰ সমীপৰ পাদুগুপাডুত ৰে’লপথৰ ক্ষতিসাধনৰ ফলত ১০০ৰো অধিক এক্সপ্ৰেছ ট্ৰেইন চলাচল বন্ধ কৰা হৈছে আৰু ২৯খন ৰে’লৰ পথ সলনি কৰা হৈছে।

ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজ্যখনৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। আনহাতে, চিত্তুৰ, কড়প্পা, অনন্তপুৰ আৰু নেল্লুৰত বানৰ সৃষ্টি হৈছে। অন্ধ্ৰ প্ৰদেশত পেন্না নদীৰ বানৰ ফলত বহু বাহন আৰু যাত্ৰী আবদ্ধ হৈ পৰিছে। মুখ্য ৰাজপথসমূহত যাতায়াত বন্ধ কৰি দিয়া হৈছে। ৰে’লৱেৰ বাদেও বাছ সেৱাতো প্ৰভাৱ পৰিছে। চৰকাৰী তথ্য অনুসৰি, কড়প্পাত বান আৰু বৰষুণৰ ফলত ২০, অনন্তপুৰত ৭, চিত্তুৰত ৪ আৰু এছপিএছ নেল্লোৰত ২জনৰ মৃত্যু হৈছে। নেল্লোৰত অজ্ঞাত লোকৰ মৃতদেহ ছোমছিলা জলাশয়ৰ সমীপত উদ্ধাৰ কৰা হৈছে। আনহাতে, কড়প্পা জিলাত ১২জন লোক সন্ধানহীন হৈ থকাৰ খবৰ প্ৰকাশ পাইছে। আনহাতে, এই পৰিস্থিতিৰ ফলত শ শ বিঘা মাটিৰ কৃষি নষ্ট হৈ গৈছে। গাঁও অঞ্চলৰ বহু ঘৰ ধ্বংসস্তুপত পৰিণত হৈছে।

Leave A Reply

Your email address will not be published.