অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

কোৰোনাত আক্ৰান্ত হ’ল গায়িকা লতা মংগেশকাৰ

0

কোৰোনাত আক্ৰান্ত হ’ল দেশৰ কুকিলকণ্ঠি গায়িকা লতা মংগেশকাৰ। ৯০ ৰ উৰ্ধ্বৰ গায়িকাগৰাকী আক্ৰান্ত হৈছিল কোভিডত। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক মুম্বাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে তেওঁ বৰ্তমান আই চি ইউত চিকিৎসাধীন।

উল্লেখ্য যে, সমগ্ৰ দেশতে কোৰোনাৰ তৃতীয় ঢৌ অব্যাহত আছে। কোৰোনাৰ এই তৃতীয় ঢৌত দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বলিউডৰ বহু অভিনেতা, সংগীত শিল্পী কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে বয়োবৃদ্ধ গায়িকাগৰাকী কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া অনুৰাগীৰ মাজত বেদনাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে লতা মংগেশকাৰৰ দেহত কোৰোনাৰ মৃদু লক্ষণ দেখা পোৱা গৈছে। এই বিষয়ে সংগীত শিল্পীগৰাকীৰ ভতিজীয়ে ৰাজহুৱা কৰিছে। কোভিডৰ উপৰিও তেওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ সন্তুোষজনক নহয়।

Leave A Reply

Your email address will not be published.