অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

সাংসদ হেমা মালিনীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি, চিকিৎসাৰ বাবে দিল্লীলৈ ৰাওনা

0

অভিনেত্ৰী তথা সাংসদ হেমা মালিনী (Hema Malini)ৰ  হঠাতে স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছে। স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত হেমা মালিনী উন্নত চিকিৎসাৰ বাবে লগে লগে দিল্লীলৈ বুলি ৰাওনা হয়। হেমা মালিনীৰ ডিঙিত প্ৰচণ্ড বিষ হোৱাৰ পিছতে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে। লগে লগে তেওঁৰ কোৰোণা টেষ্ট কৰা হয় আৰু ৰিপ’ৰ্ট নিগেটিভ পোৱা গৈছে। আনহাতে তেওঁৰ প্ৰতিনিধি জনাৰ্দন শৰ্মাৰ  কোৰোণা পজিটিভ ওলাইছে।

জানিব পৰামতে সাংসদ হেমা মালিনীয়ে যোৱা কেইদিনমান ধৰি বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছিল। তেওঁ মথুৰাত বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কাৰ্যসূচীতো সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল । নিৰ্বাচনৰ ব্যস্ত সূচীৰ মাজতে হেমা মালিনীৰ প্ৰথমে ডিঙিত বিষ আৰম্ভ হৈছিল। সেই সময়ত তেওঁ কথা ক’বলৈও যথেষ্ট অসুবিধা পাইছিল। তাৰ পাছতে চিকিৎসকৰ পৰামৰ্শ লয় । কিন্তু তেওঁ বেছিকৈ অস্বস্তি অনুভৱ কৰিব ধৰাত তেওঁৰ কোভিড পৰীক্ষাও কৰা হয়। তেওঁৰ সৈতে সাংসদগৰাকীৰ প্ৰতিনিধি জনাৰ্দন শৰ্মাকে ধৰি আটাইকেইজন কৰ্মচাৰীৰে নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কোৰোণা পৰীক্ষাত সাংসদ হেমা মালিনীৰ ৰিপ’ৰ্ট নিগেটিভ পোৱা যায় যদিও তেওঁৰ সাংসদ প্ৰতিনিধি জনাৰ্দন শৰ্মাৰ ৰিপৰ্ট পজিটিভ আহে। বিজেপি সাংসদগৰাকীৰৰ বাকী কৰ্মচাৰীসকলৰ খবৰ এতিয়াও পোৱা হোৱা নাই। প্ৰতিনিধিগৰাকীৰ ৰিপ’ৰ্ট পোৱাৰ পিছত বাকী কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়া হৈছে। সকলো পৰীক্ষা কৰাৰ পিছত হেমা মালিনী দিল্লীলৈ বুলি ৰাওনা হয়। তেওঁ ডিঙিৰ বিষৰ বাবে দিল্লীৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।

হেমা মালিনীয়ে কেইবাদিনো ধৰি কেইবাখনো জনসভাত  অংশ গ্ৰহণ কৰিছিল। তেওঁ বহুতো কাৰ্যসূচীক লৈ ব্যস্ত আছিল। তেওঁ অসুস্থ হোৱাৰ খবৰ পোৱাৰ পিছত তেওঁৰ বহুতো সমৰ্থক আৰু বিজেপি কৰ্মী হতাশ হৈ পৰা দেখা পোৱা গৈছে। হেমা মালিনীয়ে অসুস্থতাৰ বাবে কেইবাখনো সভা বাতিল কৰা হয়। তেওঁৰ স্বাস্থ্য বেয়া হোৱাৰ খবৰ পোৱা মাত্ৰকে  বিজেপি কৰ্মীসকল বিচলিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.