অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

ডিব্ৰুগড়ৰ FCI গুদামত ৰঙা পোকৰ সন্ত্ৰাস

0

ডিব্ৰুগড়ত ভাৰতীয় খাদ্য নিগমৰ গোদামে বিপদ মাতিছে চহৰবাসীলৈ। গেলা পচা চাউল উৎপন্ন ৰঙা পোকৰ আক্ৰমণত ক্ৰাহি মধুসূধন শোধাইছে। চহৰৰ কনভয়ৰোডস্থিত FCI-ৰ গোদামৰ চাউলত উৎপন্ন লাখ লাখ পোকে জনবসতিপূৰ্ণ অঞ্চলত বিয়পি পৰি উপদ্ৰৱ চলাইছে। এনে পোকৰ সন্ত্ৰাসত নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ। বিশেষকৈ অঞ্চলটোৰ শিশুসকলক আতংকিত কৰি তুলিছে চাউলৰ এই ৰঙা পোকে। গেলা-পচা চাউলৰ দুৰ্গন্ধ আৰু ক্ষুদ্ৰ ৰঙা পোকৰ সন্ত্ৰাস ৰোধ কৰাৰ দাবীত আজি পুৱাই প্ৰতিবাদ স্থানীয় ৰাইজৰ। এফ চি আইৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে কৰ্তৃপক্ষৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ। এফ চি আই কৰ্তৃপক্ষক এই বিষয়ত বাৰে বাৰে দিয়া অভিযোগৰ পিছতো কানসাৰ দিয়া নাই কৰ্তৃপক্ষই। অভিযোগ অনুসৰি গোদামৰ সন্মুখতে বস্তাই বস্তাই পেলাই দিয়া হৈছে গেলা-পচা চাউল। এফ চি আই কৰ্তৃপক্ষৰ চূড়ান্ত গাফলতিৰ বাবেই বস্তাই বস্তাই চাউল নষ্ট হোৱাৰ অভিযোগ। য’ত সহজে এনে ৰঙা পোকৰ সৃষ্টি হৈ বিস্তৃত অঞ্চলত আতংকৰ কাৰণ হৈ পৰিছে। তদুপৰি এনে পোক লগা পচা চাউলকে ৰাইজক যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা স্থানীয় ৰাইজে গোদামটো বন্ধৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.