অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আজি সকলো মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0

দেশত বৰ্ধিত কোৰোণাৰ সংক্ৰমণৰ (Coronavirus) প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কোৰোণাৰ পৰিস্থিতিৰ ওপৰত বৈঠকত বহিব। আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত কোৰোণাৰ সমক্ৰমণ প্ৰতিৰোধৰ ৰণনীতিৰ ওপৰত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড–১৯ মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ প্ৰস্তুতি, টিকাকৰণ অভিযানৰ স্থিতি, অমিক্ৰনৰ (Omicron) সংক্ৰমণ আৰু জন স্বাস্থ্যৰ প্ৰতি প্ৰভাৱৰ সমীক্ষা কৰাৰ বাবে এক উচ্চস্তৰীয় বৈঠকৰ নেতৃত্ব দিয়ে।

উল্লেখযোগ্য যে ভাৰতৰ দৈনিক বৃদ্ধি পাইছে কোৰোণা ভাইৰাছৰ সংক্ৰমণ। আনহাতে, অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৫০০০ৰ ওচৰ চাপিছে। কোৰোণাৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই বাধা–নিষেধ আৰোপ কৰিছে। ইয়াৰ মাজতে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Omicron Variant)ৰ সংক্ৰমণৰ বৰ্ধিত ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বৈহিব।

Leave A Reply

Your email address will not be published.