অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ঘোষণা কৰে স্বচ্ছ সৰ্বেক্ষণ ২০২১ (Swachha Survekshan 2021) বঁটা

0

আজি ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ঘোষণা কৰে স্বচ্ছ সৰ্বেক্ষণ ২০২১ (Swachha Survekshan 2021) বঁটা । এইবাৰ মধ্য প্ৰদেশৰ ইন্দোৰে (Indore) দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰ (Cleanest City)ৰ সন্মান লাভ কৰাৰ বিপৰীতে  চট্টিশগড়ে (Chattishgarh) সবাতোকৈ পৰিষ্কাৰ ৰাজ্য (Cleanest State) ৰ স্বীকৃতি লাভ কৰিছে ।

কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত দিয়ে হয় এই বঁটা । ২০১৬ চনৰ পৰা আৰম্ভ কৰা হৈছিল এই বঁটা প্ৰদান প্ৰক্ৰিয়া । জৰীপ অনুযায়ী দেশৰ দ্বিতীয়খন পৰিষ্কাৰ চহৰ হৈছে গুজৰাটৰ চুৰাট । তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া । উল্লেখযোগ্য যোৱা ৫ বছৰ ধৰি লানি নিছিগাকৈ পৰিচ্ছন্নতাৰ দিশত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ইন্দোৰে ।

ৰাষ্ট্ৰপতিৰ আজি ঘোষিত এই সূচাংকত অসম (Assam)ৰ লগতে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্রদর্শন শোচনীয় । জৰীপত দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰ সাঙুৰি লোৱা হৈছিল । ইয়াৰ ভিতৰত গুৱাহাটীয়ে ১৬৫২.৫৩ নম্বৰৰে (Dirty City) ২৭০২নং স্থান লাভ কৰিছে  । ডিব্রুগড়ৰ  স্থান ২৬৮৯ সংখ্যক । ৩১১৮নং স্থানত যোৰহাট । শিলচৰৰ স্থান ৩৪৬৪ সংখ্যক । সচৰাচৰ পৰিষ্কাৰ বুলি জনাজাত শ্বিলঙৰ স্থান আৰু শোচনীয় । মেঘালয়ৰ ৰাজধানী চহৰখনৰ স্থান ৪০৮০সংখ্যক ।

ৰাজ্যিক স্তৰতো অসমৰ প্ৰদৰ্শন লেখত ল’বলগীয়া নাছিল । ৪১৭৫ নম্বৰৰ সৈতে চট্টিশগড় শীর্ষত থকাৰ বিপৰীতে অসমে ৯৫০ নম্বৰেৰে ২১তম স্থান দখল কৰিছে (Dirty State)। ২২৫ নম্বৰেৰে তালিকাৰ একেবাৰে তলত আছে মেঘালয় ।

অৱশ্যে জৰীপটোত উত্তৰ পূৱৰ কাৰণে সুকীয়া এটা শিতান মুকলি কৰা হৈছে । উত্তৰ পূৱৰ আন ৰাজ্যৰ তুলনাত অসমৰ প্ৰদৰ্শন কিছু উন্নত । উত্তৰ পূৱৰ ১ লক্ষৰ ওপৰৰ জনসংখ্যাৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হৈছে তেজপুৰ । দ্বিতীয় স্থানত আছে মিজোৰামৰ লুংলেই । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে বঙাইগাঁও, যোৰহাট আৰু তিনিচুকীয়া । ৫০হাজাৰৰ পৰা ১লক্ষ জনসংখ্যাৰ চহৰৰ শিতানত শীর্ষত আছে গোলাঘাট, দ্বিতীয় স্থানত মণিপুৰৰ কাকছিং । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে হাইলাকান্দি, কোকৰাঝাৰ আৰু হাফলং ।

Leave A Reply

Your email address will not be published.