অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ ওপজা দিন

0

আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ ওপজা দিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকী ৪৯ বছৰত ভৰি দিলে। ১৯৯২ চনত ‘অনামিকা’ৰ এলবামৰ জৰিয়তে অসমৰ সংগীত জগতলৈ ধুমুহা নমাই অনা শিল্পীগৰাকীয়ে বৰ্তমানলৈকে অসমীয়া, হিন্দী. বাঙালী, বড়ো, কোচ-ৰাজবংশি, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, আদি, গালো, মালায়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত কেণ্ঠ নিগৰাইছে।

এগৰাকী কণ্ঠ শিল্পী হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ পিছতে জুবিনে একাধাৰে সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা, পৰিচালক, কবি হিচাপেওঁ জনপ্ৰিয়তা লাভ কৰে। তেওঁ সংগীতৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ উপৰিও মৃতপ্ৰায় অসমীয়া চিনেমা জগতলৈ কঢ়িয়াই আনিছে সঞ্জীৱনি মন্ত্ৰ।

আধুনীক গীত, বিহু গীত. বৰগীত, লোক সংগীতকে ধৰি সকলো ধৰণৰ সংগীততে কণ্ঠ নিগৰাই অসমীয়া সংগীতক চহকী কৰা জুবিনে কেইবাখনো অসমীয়া চিনেমাত অভিনয় কৰাৰ লগতে পৰিচালনা কৰি অসমীয়া ছবি জগতখনকো সমৃদ্ধ কৰিছে। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দী চিনেমা গেংষ্টাৰৰ যা আলী শীৰ্ষক গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰিছে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হৈছে।

Leave A Reply

Your email address will not be published.