অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

ভাৰতীয় ষ্টেট বেংকত যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে

0

ভাৰতীয় ষ্টেট বেংকৰ ভিতৰত এগৰাকী মহিলা গ্ৰাহকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত এছ বি আইৰ মুখ্য শাখাত ১৪ ছেপ্টেম্বৰত এটা লম্পটে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছিল। এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈ ওৰফে ঋতু নন্দেশ্বৰ শেনছোৱা নামৰ বিকৃত মানসিকতাৰ যুৱকজনে যৌন নিৰ্যাতন চলোৱাৰ কাণ্ড বন্দী হৈছিল ম’বাইল কেমেৰাত।

এই জঘন্য কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  যুৱকজনক। শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ত কৰে  ঋতু নন্দেশ্বৰ শেনছোৱাক।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ত কৰে ঋতু নন্দেশ্বৰ শেণছোৱাক। ডিব্ৰুগড় থানাত বেংক কৰ্তৃপক্ষই ৰুজু কৰা 1793/21 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 354A/509 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ঋতুৰাজক।

Leave A Reply

Your email address will not be published.