অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

খুব শীঘ্ৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

0

বিপুল সংখ্যক মানুহৰ টিকাকৰণৰ ফলতে ভাৰতত অমিক্ৰনে মাৰাত্মক ৰূপ (Omicron In India) ল’ব পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় বিষয়াৰে বৈঠকত এইদৰে ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi)। খুব শীঘ্ৰে মুখ্যমন্ত্ৰীসকলৰ সৈতেও বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী। অমিক্ৰনৰ ব্যাপক সংক্ৰমণ ৰোধ কৰিবলৈ আৰু তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ বাবে টিকাকৰণৰ ওপৰত জোৰ দিয়াৰ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেবিনেট সচিব ৰাজীৱ গৌবা, গৃহ সচিব অজয় ভাল্লা, স্বাস্থ্য সচিব ৰাজেশ ভূষণসহ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল। পৰিস্থিতিক লৈ কাইলৈ ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই। কোৰোণাৰ মোকাবিলা কৰাৰ বাবে বৰ্তমান সকলো ৰাজ্যত কঠোৰ কোভিড বিধি মানি চলাৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বৈঠকত লকডাউনক লৈ কোনো আলোচনা হোৱা নাই বুলি সূত্ৰত প্ৰকাশ।

Leave A Reply

Your email address will not be published.