অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প

0

গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প । ২২ অক্টোবৰৰ পৰা বন্ধ থাকিব গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ । ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰ পুৱা ৬ বজালৈ গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ বন্ধ থাকিব ।

পেট্ৰ’ল কোম্পানীৰ মইমতালিৰ বিৰোধিতাৰে এই বন্ধৰ আহ্বান জনাইছে উত্তৰ পূৱ ভাৰত পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই । উল্লেখ্য যে, অ’ইল মাৰ্কেটিং কোম্পানীৰ সৈতে চলি থকা মতানৈক্যৰ বাবে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে পূৰ্বেও এনে কাৰ্যসূচী গ্ৰহণ কৰিছিল । এইবাৰ পুনৰ ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প সমূহ বন্ধ ৰখাৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ লিখা এখন পত্ৰত এই কথা উল্লেখ কৰিছে । পত্ৰখনত উল্লেখ কৰা অনুসৰি ২২ অক্টোবৰৰ পুৱা পৰা ৪৮ ঘণ্টাৰ বাবে কামৰূপ মহানগৰ জিলাত পেট্ৰ’ল পাম্প সমূহ বন্ধ থাকিব ।

অ’ইল মাৰ্কেটিং কোম্পানীৰ একপক্ষীয় আৰু অনিষ্টকাৰী সিদ্ধান্তই পেট্ৰ’লিয়াম ব্যৱসায়ত পেলাব পৰা কুপ্ৰভাৱৰ বাবেই নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে এই সিদ্ধান্ত লয় বুলি জনায় । এই বিষয়টো সম্পৰ্কত কামৰূপ মহানগৰ জিলা উপাযুক্তক নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে পূৰ্বেও দৃষ্টিগোচৰ কৰিছিল ৷ কিন্তু অ’ইল মাৰ্কেটিং কোম্পানীয়ে সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সদভাৱ প্ৰদৰ্শন নকৰিলে বুলিও পত্ৰখনত নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে উল্লেখ কৰে ।

Leave A Reply

Your email address will not be published.