অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ বিশেষ কাৰ্যসূচী গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত

0

অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম পণ্ডিত হেমচন্দ্ৰ গোস্বামী। ১৮৭২ চনৰ ৮ জানুৱাৰীত গোলাঘাটৰ ঢেকিয়াল মৌজাৰ গৌৰাং সত্ৰত জন্মগ্ৰহণ কৰা এইগৰাকী মহান অসমীয়াই অসমীয়া সাহিত্যত প্ৰথমে ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত ছনেট প্ৰণেতা লিখিছিল। জোনাকী আলোচনীৰো সম্পাদক হিচাপে দায়িত্ব পালন কৰা হেমচন্দ্ৰ গোস্বামীয়ে গঠন কৰিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা।

এইগৰাকী মহান অসমীয়াৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ বিশেষ কাৰ্যসূচী গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰা হৈছে। অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমে আয়োজন কৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ওজান বজাৰৰ বাসভৱনৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এক শোভাযাত্ৰা উলিওৱা হৈছে।

এই শোভাযাত্ৰাত মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। শোভাযাত্ৰাত গায়ন-বায়নকে ধৰি অসমীয়া সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিছে। শোভাযাত্ৰাৰ লগত আছে দুটাকৈ প্ৰকাণ্ড হাতীও।

এই বৰ্ণাঢ্য শোভাযাত্ৰা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিশেষ প্ৰদৰ্শনীৰ দ্বাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক, সম্পাদক কনক সেন ডেকাই।

এই ডেৰশ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে ‘প্ৰজ্ঞাসাধক হেমচন্দ্ৰ গোস্বামী’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হ’ব।

Leave A Reply

Your email address will not be published.