অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

তালিবান চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে পাকিস্তানৰ বিশেষ পদক্ষেপ

তালিবানে আফগানিস্তান দখল কৰাৰ আঁৰত আছিল পাকিস্তানৰ হাত। এই অভিযোগ পূৰ্বৰে পৰা উঠি আহিছিল। তালিবান বিৰোধী আফগান নাগৰিকে পাকিস্তানৰ বিৰুদ্ধে মুকলিকৈ এই অভিযোগ উত্থাপন কৰিছিল।

শেহতীয়াকৈ পাকিস্তানে আফগানিস্তানৰ তালিবাননৰ চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা চলাই আহিছে। পাকিস্তানে পুনৰ আফগানিস্তানৰ তালিবান চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে ইছলামিক ৰাষ্ট্ৰ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনলৈ আমন্ত্ৰিত কৰিছে আমিৰাতক।

এই সন্মিলনখন ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৌশলগত অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী ৱালিউল্লাহ শ্বাহিনে কয় যে আফগান অৰ্থনীতি, বেংকিং ব্যৱস্থা আৰু বিশ্বৰ সৈতে আফগানিস্তানৰ সম্পৰ্ক স্বাভাৱিক কৰাটো হৈছে এই বৈঠকৰ মুখ্য কাৰ্যসূচী। বৈঠকখনত আফগান বৈদেশিক মন্ত্ৰালয়ৰ লোকসকলেও অংশগ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.