অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

0

নাগালেণ্ড (Nagaland)ক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰি AFSPA প্ৰত্যাহাৰৰ  সম্ভাৱনা কাৰ্যত নুই কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণাল (Union Home Ministry)য়ে । ডিচেম্বৰৰ ৩০ তাৰিখৰ পৰা ৬মাহৰ কাৰণে এখন ৰাজ-পত্ৰিত জাননীৰ যোগেদি ৰাজ্যখনক অশান্ত  অঞ্চল (Disturbed Area) হিচাপে চিহ্নিত কৰিলে । সামৰিক বাহিনী (বিশেষ অধিকাৰ) আইন ১৯৫৮ অৰ্থাৎ Armed Forces Special Power Act 1958 চমুকৈ AFSPAৰ দফা ৩য়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি গৃহ মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে । গতিকে অতি কমেও ৬মাহৰ কাৰণে প্ৰৱল বিৰোধিতাৰ মাজতো ৰাজ্যখনত বাহাল থাকিব AFSPA ।

চৰকাৰী জাননীখনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ মতে সমগ্ৰ নাগালেণ্ড ৰাজ্যৰ পৰিস্থিতি এনে ভাৱে ভয়ংকৰ আৰু অশান্ত হৈ পৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক সেনা বাহিনীৰ সহযোগৰ প্ৰয়োজন হ’ব । সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলা (Mon District)ত সেনা বাহিনীৰ হাতত ১৪জন নিৰীহ লোকৰ প্ৰাণ যোৱাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই আইনখন বাতিলৰ দাবী উত্থাপন হৈছিল । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ (Neiphio Rio)ইও আইনখন বাতিলৰ পোষকতা কৰিছিল । নাগালেণ্ড বিধানসভাই এই সন্দৰ্ভত এক প্ৰস্তাৱো গ্ৰহণ কৰিছিল । ইয়াৰ উপৰিও আইনখন বাতিলৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৬ ডিচেম্বৰ তাৰিখে এখন উচ্চ  পৰ্যায়ৰ কমিটিও গঠন কৰি দিছিল । ভাৰতৰ মহা পঞ্জীয়ক, নাগালেণ্ডৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধান, নাগালেণ্ডত নিয়োজিত অৰ্ধ সামৰিক বাহিনীৰ মূৰব্বী, সেনা বাহিনী, গৃহ মন্ত্ৰণালয় আৰু চোৰাংচোৱা সংস্থাৰ প্ৰতিনিধিকলৈ এই কমিটিখন গঠন কৰা হৈছিল । কমিটিয়ে ৪৫ দিনত প্ৰতিবেদন দিয়াৰ কথা আছিল । উল্লেখযোগ্য যে নাগালেণ্ডৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আইনখন বাতিলৰ দাবী উত্থাপন কৰিছিল |

Leave A Reply

Your email address will not be published.