অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
New Education Policyৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ'ব-পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)-আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP-রয়্যাল চ্যালেন্জার্স ব্যাঙ্গালোরের (RCB)হয়ে অনুশীলন ম্যাচে মাঠে নেমেই ঝড় তুললেন এবি ডিভিলিয়ার্স (AB de Villiers)-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-चिल्ली में रहस्यमयी बुखार के कारण पिछले 10 दिनों में आठ बच्चों की मौत-টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ

NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

0

NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা। ২০২১ বৰ্ষৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। দেশৰ শ্ৰেষ্ঠ কলেজৰ স্বীকৃতি দিল্লীৰ মিৰাণ্ডা হাউছলৈ। পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি সুনাম অক্ষুণ্ণ ৰাখিছে মিৰাণ্ডা হাউছে। দিল্লীৰে লেডী শ্ৰীৰাম কলেজ ফৰ ৱমেনে লাভ কৰিছে দেশৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান। ইয়াৰ বিপৰীতে লয়লা কলেজে তৃতীয় স্থান, কলকাতাৰ চেণ্ট জেভিয়াৰ্ছ কলেজে দখল কৰিছে চতুৰ্থ স্থান।

ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰে পঞ্চম স্থান দখলৰ বিপৰীতে ষষ্ঠ স্থানত আছে PSGR কৃষ্ণকমল কলেজ ফৰ ৱমেন। সপ্তম স্থানত চেন্নাইৰ প্ৰেচিডেঞ্চী কলেজ, অষ্টম স্থানত আছে চেণ্ট ষ্টিফেন কলেজ। দিল্লীৰ হিন্দু কলেজে নৱম স্থান দখল কৰাৰ বিপৰীতে শ্ৰীৰাম কলেজ ফৰ কমাৰ্চে দখল কৰিছে দশম স্থান। দেশৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি IISC বেংগালুৰুলৈ। শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ শিতানত দ্বিতীয় স্থানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, তৃতীয় স্থানত বেনাৰস হিন্দু ইউনিভাৰ্চিটী। চতুৰ্থ স্থানত কলকাতা বিশ্ববিদ্যালয়, পঞ্চম স্থানত কইম্বাটোৰৰ অমৃতা বিশ্ব বিদ্যাপীঠ, ষষ্ঠ স্থান দখল কৰিছে জামিয়া মিলিয়া ইছলামিয়াই। মণিপাল একাডেমীয়ে সপ্তম স্থান দখল কৰাৰ বিপৰীতে অষ্টম স্থান দখল কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ে। নৱম স্থানত হায়দৰাবাদ বিশ্ববিদ্যালয়, দশম স্থানত আলিগড় মুছলিম বিশ্ববিদ্যালয়।

দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত IIT গুৱাহাটী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে লাভ কৰিছে অষ্টম স্থান। দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ স্বীকৃতি IIT মাদ্ৰাছলৈ। IISC বেংগালুৰু দ্বিতীয় স্থানত, তৃতীয় স্থানত আছে IIT বম্বে। আনহাতে চতুৰ্থ স্থানত আছে IIT দিল্লী, পঞ্চম স্থান দখল কৰিছে IIT কানপুৰে। ষষ্ঠ স্থানত IIT খৰগপুৰ, সপ্তম স্থানত IIT ৰুৰকী। নৱম স্থানত JNU থকাৰ বিপৰীতে দশম স্থান দখল কৰিছে কাশীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে।

Leave A Reply

Your email address will not be published.