অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

কোৰোণাৰ ভেকচিন লোৱা চাৰ্টিফিকেটৰ পৰা আঁতৰিল মোদীৰ ফটো

0

কোৰোণাৰ ভেকচিন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰকলৈ বহু সময়ত বহু বিতৰ্ক হৈ আহিছে। আনকি একাংশ ৰাজ্যই বাদ দিছিল সেই ছবি। আৰু এতিয়া সেয়াই হ’ল। ৫ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। স্বাভাৱিকতে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি। গতিকে কো উইন এপ আৰু ৱেব পৰ্টেলত বিশেষ ফিল্টাৰ লগোৱা হৈছে। যাৰ ফলত ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ফটো বাদ দিয়া হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই ফিল্টাৰ লগোৱা হৈছে কো উইন এপ আৰু পৰ্টেলত। শনিবাৰে নিৰ্বাচন আয়োগে উত্তৰপ্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন ঘোষমা কৰিছিল। সেই অনুসৰি, আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ পৰ্যন্ত ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। আৰু ফলাফল ঘোষণা হ’ব ১০ মাৰ্চত। উল্লেখ্য যে, যোৱা বছৰৰ পৰা কোৰোণা ভাইৰাছৰ টিকা দিয়া আৰম্ভ হৈছে। সেই টিকাৰ প্ৰমাণ পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো দিয়া হৈছিল। কিন্তু উত্তৰপ্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে এই ৰাজ্যকেইখনৰ টিকাৰ প্ৰমাণপত্ৰত সাল-সলনি কৰা হৈছে।

Leave A Reply

Your email address will not be published.