অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

গ্ৰেপ্তাৰ হ’ল মডেল ৰাজকন্যা বৰুৱা

0

গ্ৰেপ্তাৰ হ’ল মডেল ৰাজকন্যা বৰুৱা। ৰুক্মিণীগাঁৱত ৮ জনকৈ শ্ৰমিক সহ ১জন পথচাৰীক বাহনেৰে মহতিয়াই আহত কৰা মডেল ৰাজকন্যা বৰুৱাৰ আজি প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰে মেডিকেল বোৰ্ডে। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা।

GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা প্ৰকৃততে কেনেকুৱা সেয়া জানিবৰ বাবে গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। ইপিনে GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক কোনো অসুস্থতা নথকা স্বত্তেও চিকিৎসালয়ৰ আইচিইউত ৰাখি ৰক্ষণাবেক্ষণ দিয়া ঘটনাৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে GNRCৰ শীৰ্ষ চিকিৎসকো।

উল্লেখ্য যে, নিজকে মডেল বুলি দাবী কৰা ৰাজকন্যাই এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিও অনুশোচনা কৰা নাই।  ইয়াৰ পৰিৱর্তে ছচিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছে ৷

তদুপৰি তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱাসকলৰ বিৰুদ্ধে ৰাজকন্যাই আইনী সহায় ল’ব বুলিও জনাইছে ৷ সান্ধ্য আইন উলংঘাৰে সুৰামত্ত হৈ ৰাজকন্যাই গাড়ী চলোৱা, কর্তব্যৰত আৰক্ষীক বাধা প্রদান কৰা, ৰাজহুৱা স্থানত আৰক্ষী আৰু শ্রমিকক দুর্ব্যৱহাৰ কৰাৰ পাছতো দিছপুৰ থানাৰ আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে বহুকেইটা ধাৰা আৰোপ কৰা নাছিল ৷ সুৰামত্ত হৈ গাড়ী চলোৱা ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে আই পি চি ৩০৪ (এ) আৰু যান–বাহন আইনৰ ১৮৫ ধাৰা প্রয়োগ নকৰিলে ৷ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক  ৰক্ষণাবেক্ষণ দিবলৈকে গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ পাছতো বহুকেইটা ধাৰা আৰোপ নকৰা বিষয়টোৱে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল ৷

স্মর্তব্য যে দুর্ঘটনাটোত আহত হোৱা যোচেফ নামৰ পথচাৰীগৰাকীয়ে চিৰজীৱনৰ বাবে দুয়োটা ভৰি হেৰুৱাই পংগুত্বক সাৱটি ল’বলগীয়া হয় ৷

Leave A Reply

Your email address will not be published.