অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

আদিত্য ডায়গনষ্টিক এণ্ড হস্পিটেলৰ বিৰুদ্ধে অপপ্রচাৰ, ন্যায়াধীশৰ বিৰুদ্ধে তৰিব মানহানি গােচৰ

0

ঔদ্যোগিক ট্রিবিউনেল আৰু শ্রম আদালতৰ প্রিজাইডিং অফিচাৰ নগেন সেনাবায়া দেউৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব আদিত্য ভায়াগনষ্টিক এণ্ড হস্পিটেলৰ স্বত্বাধিকাৰীয়ে। আজি ডিব্ৰুগড়ত এক সংবাদমেলত হস্পিটেলখনৰ পৰিচালন সকালক ডাঃ নির্মল চাহেৱালাই এই কথা প্রকাশ কৰিছে।
কি কয় চিকিৎসালয় কৰ্তৃপক্ষই—
৯ ছেপ্টেম্বৰৰ নিশা প্রায় ৮.৩৮ বজাত কাহ আৰু উশাহ – নিশাহৰ কিছু অসুবিধাৰ বাবে ন্যায়াধীশ নগেন সেনাবায়া দেউৰীয়ে আদিত্য ডায়গনষ্টিক এণ্ড হস্পিটেলত চিকিৎসাৰ বাবে আহিছিল আৰু কেজুৱেলিটিত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতেই তেওঁক আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। ইতিমধ্যেই ৰেট পৰীক্ষাত কভিড নিগেটিভ আহিল যদিও পৰৱৰ্তী সময়ত আৰ টি পি চি আৰ পৰীক্ষা কৰিবলৈ দিয়া হয়। নিশালৈ তেওঁ কভিড পজিটিভ হিচাপে চিনাক্ত হয় আৰু লগে লগে তেওঁক কভিড বাৰ্ডলৈ বদলি কৰা হয় । কিন্তু কভিড আই চি ইউত থকাৰ সময়ত তেওঁ নাৰ্ছ, টেকনিছিয়ানসকলক ব্যতিগ্ৰস্ত কৰি তুলিছিল। আনকি এগৰাকী নাৰ্ছক চোচৰাই কভিড ৱাৰ্ডৰ পৰা ওলাই আহি সাধাৰণ ৰােগীৰ কোঠাতাে প্রৱেশ কৰিছিল । এই সমগ্ৰ বিষয়টো হস্পিটেল কর্তৃপক্ষই সেই সময়ত এগৰাকী ন্যায়াধীশৰ সন্মান লাঘব হ’ব বুলি ৰাজহুৱা কৰা নাছিল যদিও শেহতীয়াকৈ ন্যায়াধীশগৰাকীয়ে কিছুমান মনে সজা কাহিনী প্রস্তুত কৰি এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ ওচৰত।

এজাহাৰ দাখিল কৰাৰ পাছত ন্যায়াধীশজনে সমগ্র বিষয়টো হােৱাটছআপৰ যােগেদি , ভাইৰেল কৰি আদিত্য ডায়াগনষ্টিক এণ্ড হস্পিটেলৰ মানহানিৰ চেষ্টা চলাইছে । তেওঁ এজাহাৰত উল্লেখ কৰিছে , আৰ টি পি চি আৰৰ ৰিপৰ্ট পােন্ধৰ মিনিটতে লাভ কৰাৰ কথা । এইয়া সম্পূর্ণ অবাস্তৱ আৰু অসম্ভৱ । তদুপৰি সংজ্ঞাহৰণৰ বেজি দিয়া দিয়া হৈছিল বুলি অনা অভিযােগটো মিছা । আই চি ইউত সংজ্ঞাহৰণ কৰিব পৰা সা – সৰঞ্জাম নাথাকে । তেওঁ লগতে উক্ত কভিড আই চি ইউত আন দুজন ৰোগীও আছিল। সেইসকলে সমগ্র বিষয়টো দেখি আছিল । নাৰ্ছে তেওঁক কেছি দেখুৱা বুলি কোৱা কথাটো অতি হাস্যকৰ। কিন্তু ১১ ছেপ্টেম্বৰৰ পুৱতি নিশা আই চিইউত তেওঁহে এক অবান্বিত পৰিৱেশৰ সৃষ্টি কৰিছিল । নাৰ্ছকে ধৰি আন কর্মচাৰীসকলে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ বাৰে বাৰে বুজনি নামানি কেৱল ঘৰলৈ যাম বুলি জোৰকৈ বাৰ্ডৰ বাহিৰলৈ ওলাই যায়।

তেওঁ বহু চৰকাৰী বিষয়ালৈ ফোন আৰু মেছেজো পঠিয়াইছিল বুলি উল্লেখ কৰি ডাঃ চাহেৱালাই – পুৱা ছয় বজাত নাৰ্ছে বেজি দিবলৈ যােৱাৰ সময়তাে তেওঁ চিঞৰ বাখৰ লগায় । এগৰাকী নাৰ্ছক হাতত ধৰি চোচৰাই নিয়া ভিডিঅ ফুটেজ আমাৰ হাতত আছে । তদুপৰি তেওঁ সাধাৰণ ৰােগীসকলৰ কোঠাত প্রবেশ কৰাৰ ভিডিঅ ফুটেজ আমাৰ হাতত আছে । তেও চিকিৎসক আৰু কর্মচাৰীসকলে কভিড নিগেটিভ হলে যাবলৈ দিয়া হব বুলি বুজনি দিছিল যদিও সেই কথাবােৰত কোনাে গুৰুত্ব নিদিলে ইয়াৰ পাছত ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা ন্যায়াধীশ এজনৰ মধ্যস্থতাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ল । যোৱাৰ সময়ত নাৰ্ছ আৰু জনসম্পর্ক বিষয়াক ভুল নুবুজিবলৈও অনুৰােধ কৰে । কি হঠাৎ যােৱা ১৬ ছেপ্টেম্বৰত তেওঁ আন এক কাহিনী প্রস্তুত কৰি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল ৰা এজাহান ভাইৰেল কৰি আদিত্য ডায়গনিষ্টক এণ্ড হস্পিটেলৰ মানহানি কৰিব বিচৰা বিষয়টো আমি সহজভারে লােৱা নাই । তেওঁ কভিড ব্যবস্থাপনা বিধি ভঙ্গৰ বিষয়টো সেই সময়ত হস্পিটেলৰ গোপনীয়তাৰ স্বার্থত বাহিৰ কৰা নাছিলো যদিও এতিয়া সকলাে কথা খােলাখুলিকৈ ক’বলৈ বাধ্য হৈছে আৰু অতি শীঘ্নেই আমি তেওঁৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্রহণ কৰিম । তদুপৰি ন্যায়াধীশজনে অভিযােগ দাখিল কৰা গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি অনা সকলাে বিভাগলৈও আমি এজাহাৰৰ প্রতিলিপি প্রেৰণ কৰিম ।

Leave A Reply

Your email address will not be published.