অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

কোৰোণাত আক্ৰান্ত হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা

0

কোৰোণাত আক্ৰান্ত হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা। এই কথা মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে জনাইছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ দেহত আছে কোৰোণাৰ সামান্য লক্ষণ। বৰ্তমান হোম আইচ’লেছনত আছে মন্ত্ৰীগৰাকী।

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৰ্তমান তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। লগতে সকলোকে কোভিড বিধি মানিবলৈ কৈছে। ইফালে অসমত এই পৰ্যন্ত মুঠ ৯ গৰাকী লোক অমিক্ৰণত আক্ৰান্ত হৈছে। ইয়াৰে তিনিগৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল আলতাভ হুছেইন। তেওঁ ইতিমধ্যে সুস্থ হৈ নিজ গৃহলৈ উভতিছে। আনহাতে চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনৰো কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

Leave A Reply

Your email address will not be published.