অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

গীতিকাৰ তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সেনা অম্বিকাগিৰী ৰায়চৌধুৰীৰ আজি মৃত্যু তিথি

0

কুৰি শতিকাৰ খ্যাতনামা কবি, সমাজসেৱক, গীতিকাৰ তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সেনা অম্বিকাগিৰী ৰায়চৌধুৰীৰ আজি মৃত্যু তিথি। অসমৰ সাহিত্যৰ আকাশৰ চিৰ-উজ্জ্বল নক্ষত্ৰসদৃশ এটি নাম অম্বিকাগিৰী ৰায়চৌধুৰী। স্বদেশ প্ৰেমৰ সুৰেৰে অসমীয়া সাহিত্যৰ পথাৰখনত শব্দৰ সাৰুৱা খেতি কৰিছিল তেওঁ৷

ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল৷

বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৮৮৫ চনত অম্বিকাগিৰিৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃ দেৱকী দেৱী। সৰুকালত বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত গুৱাহাটীৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈ পঢ়ে।

সিমানতে স্কুলীয়া শিক্ষা বিসৰ্জন দি ১৯০৪-০৫ চনত স্বদেশী আন্দোলনত আৰু সামাজিক উন্নয়নমূলক কামত যোগ দিয়ে। আন কেইজনমান ডেকা ছাত্ৰৰ লগ লাগি তেখেতে এই সময়ছোৱাতে ইংৰাজ-বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰে। ফলস্বৰূপে ইংৰাজ চৰকাৰে ১৯০৮ চনৰপৰা ১৯১৫ চনলৈ অম্বিকাগিৰিক বৰপেটাত নজৰবন্দী কৰি ৰাখে।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত ‘তুমি’ আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে। ১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায়। তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগিতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ,স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে’।

তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’(১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে। ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে। এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো ‘তুমি’ আৰু ‘বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ।

‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে। তেখেতেৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, “দুৰ্গম গিৰি কান্তাৰ মৰু” অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায়]। কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে। ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ।

Leave A Reply

Your email address will not be published.