অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

ধ্বনিভোটত লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

0

সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে আজি বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজতে লোকসভাত ধ্বনিভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক (Farm Laws Repealed)। কৃষি আইনক লৈ আলোচনাৰ দাবীত সোমবাৰে অধিৱেশনৰ আৰম্ভণিতে বিৰোধীয়ে আৰম্ভ কৰে হুলস্থূলীয়া পৰিৱেশৰ। প্ৰদৰ্শন কৰে বিক্ষোভ। তাৰ পিছত সংসদৰ দুই সদনৰ অধিৱেশন ১২ বজালৈ স্থগিত ৰখা হয়।

অধিৱেশনৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ লোকসভাত আৰু কোনো আলোচনা বিচৰা নাই চৰকাৰে। ইয়াকে লৈ আৰম্ভ হয় হুলস্থূল। বিৰোধীৰ দাবী আছিল আইন প্ৰত্যাহাৰ কৰাৰ পূৰ্বে আলোচনা কৰক চৰকাৰে। আনহাতে, চৰকাৰৰ বক্তব্য, কৃষি আইনক লৈ পূৰ্বে ক্ষমা বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আইন প্ৰত্যাহাৰৰ সন্মতিও দিছে। সেয়ে আলোচনাৰ প্ৰয়োজন নাই। বিৰোধীৰ মতে সংসদত যিকোনো বিধেয়ক দাখিল হ’লে সেয়া আলোচনাৰ পিছতহে গৃহীত কৰাৰ নিয়ম। কিন্তু শেষত ধ্বনিভোটত সংসদত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।

Leave A Reply

Your email address will not be published.