অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহতসকলৰ

0

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহত লোকসকলৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই অংশ ল’ব শেষকৃত্য অনুষ্ঠানত। মন জিলাত আজি সমাধিস্থ কৰা হ’ব নিহত আটাইকেইজন লোকক। শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ’ৰ উপৰি উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনো উপস্থিত থাকিব।

উল্লেখ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। নিৰাপত্তাৰক্ষীৰ গুলীত ১৪ নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিছামা ভিলেজত বিভিন্ন–সংগঠনে সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কেইবাটাও নগা জনগোষ্ঠীৰ।

আছাম ৰাইফলছৰ গুলীচালনাত ১৪ নিৰীহ নগা লোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত। দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰৰ এম্বুছত উগ্ৰপন্থী সদস্যৰ হাতত কিছুদিন পূৰ্বে অঞ্চলটোৰ এগৰাকী নগা সেনা জোৱান নিহত হোৱাৰ শোক মাৰ নৌযাওঁতেই পুনৰ সংঘটিত এই ঘটনাই সচকিত কৰি তুলিছে সকলোকে। সীমান্তত দেশৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিবলৈ নগা লোকসকল সাজু বুলি মত ব্যক্ত কৰে একাংশই।

শনিবাৰৰ এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ মন জিলাত থকা ২৭নং শিবিৰত কেইবাশতাধিক নগা লোকে আক্ৰমণ কৰে। আছাম ৰাইফলছৰ শিবিৰত অগ্নিসংযোগো কৰে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগা হয়।

ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। ৫ জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান–বাহন চলাচলতো জাৰি কৰিছে নিষেধাজ্ঞা। ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত SIT গঠন কৰিছে চৰকাৰে। নাগালেণ্ড চৰকাৰে গঠন কৰি দিলে এল জমিৰৰ নেতৃত্বত পাঁচজনীয়া SIT৷ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, DGPকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে। আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ–পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বতো আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব। সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো চেষ্টা কৰিছে চৰকাৰে।

Leave A Reply

Your email address will not be published.