অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

ৰাছিয়ান প্ৰযুক্তিৰ ৭লাখ ৫০হাজাৰ AK 203 (এ কে ২০৩) ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ৫হাজাৰ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত

0

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনী ভাৰতীয় সেনা (Indian Army)। আমেৰিকা, চীনৰ দৰে শক্তিধৰ দেশেও সমীহ কৰে ভাৰতীয় সেনাক। ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে (Defense Ministry) মঙলবাৰে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাছিয়ান প্ৰযুক্তিৰ ৭লাখ ৫০হাজাৰ AK 203 (এ কে ২০৩) ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ৫হাজাৰ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত লৈছে। উত্তৰপ্ৰদেশৰ আমেথিস্থিত কাৰখানাত এই AK 203 ৰাইফলসমূহ নিৰ্মাণ কৰা হ’ব।

উল্লেখযোগ্য যে অহা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ (Vladimir Putin India Visit) কৰাৰ সম্ভাৱনা আছে। পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই অত্যাধুনিক ৰাইফল নিৰ্মাণৰ বাবে ৰাছিয়াৰ সৈতে এই চুক্তিত সন্মতি প্ৰদান কৰিছে ভাৰত চৰকাৰে। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি ৰাছিয়ান প্ৰযুক্তিৰ এই ৰাইফল সমূহৰ নিৰ্মাণ উত্তৰপ্ৰদেশৰ আমেথিৰ অস্ত্ৰ কাৰখানাত কৰা হ’ব আৰু অহা ৩২মাহৰ ভিতৰত এইসমূহ ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰা হ’ব। এই ৰাইফল সমূহে ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰি তুলিব . AK চিৰিজৰ আটাইতকৈ পুৰণি ৰাইফল হৈছে AK 47 । ইয়াৰ পিছতে এ কে ৫৬, এ কে ৮৭, এ কে ১০০ আৰু এ কে ২০০ চিৰিজৰ ৰাইফল বিশ্বৰ শক্তিধৰ দেশৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰি আহিছে। এ কে চিৰিজৰ আটাইতকৈ নতুন আৰু উন্নতমানৰ সংস্কৰণটো হৈছে এ কে ২০৩ ৰাইফল। স্বয়ংক্ৰিয় আৰু অৰ্ধস্বয়ংক্ৰিয় দুয়োটা উপায়েৰে ব্যৱহাৰ কৰিব পৰা এই ৰাইফলৰ ওজন হ’ব প্ৰায় ৪কিলোগ্ৰাম। এই ৰাইফলৰ পৰা এক মিনিটতে ৬০০ৰাউণ্ড গুলী চলাব পৰা যায় আৰু ৪০০মিটাৰ পৰ্য্যন্ত এই ৰাইফলে নিখুৃঁত ভাৱে শত্ৰুক নাশ কৰিব পাৰে। ইনছাছ ৰাইফলৰ সহায়ত ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ (Kargil WAr) জয় কৰা ভাৰতীয় সেনাই এই ৰাইফল লাভ কৰাৰ পিছত শত্ৰুপক্ষৰ বাবে অধিক ভয়ংকৰ হৈ পৰিব।

Leave A Reply

Your email address will not be published.