অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

India’s Best Dancer 2ৰ বিজয়ী সৌম্য কাম্বলে

0

মহাৰাষ্ট্ৰৰ সৌম্য কাম্বলে (Saumya Kamble) ‘ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ২’ (India’s Best Dancer 2) ছিজনৰ গ্ৰেণ্ড ফিনালেত বিজয়ীৰ ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ ৫ জন ফাইনেলিষ্টৰ ভিতৰত জয়পুৰৰ গৌৰৱ চাৰৱানক প্ৰথম ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয় আৰু উৰিষ্যাৰ ৰোজা ৰানাৰক দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাখনত অসমৰ ৰক্তিম ঠাকুৰিয়াই চতুৰ্থ স্থান লাভ কৰাৰ উপৰি জামৰুথে পঞ্চম স্থান লাভ কৰে। সৌম্য কাম্বলেই ট্ৰফীৰ উপৰিও এখন গাড়ী আৰু ১৫ লাখ টকাৰ চেক লাভ কৰিছে। কেৱল সেয়াই নহয়, তেওঁৰ নৃত্য পৰিচালক কোৰিওগ্ৰাফাৰ বৰ্তিকা ঝা (Vartika Jha)য়ো ৫ লাখ টকা লাভ কৰিছে।

‘India’s Best Dancer 2’ৰ বিচাৰকৰ আসনত আছিল টেৰেঞ্চ লুইছ, গীতা কাপুৰ আৰু মালাইকা অৰোৰা (Terence Lewis Geeta Kapoor Malaika Arora)। মালাইকাই ফাইনেলত উপস্থিত থাকিব নোৱাৰিলে। মালাইকাৰ ঠাইত অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ক দেখা গৈছিল। অতিথি হিচাপে ৰেপাৰ বাদশ্বাহ (Badshah ) আৰু গীতিকাৰ মনজো মুনতাশিৰ (Manjo Mutashir) অনুষ্ঠানটোত উপস্থিত আছিল। অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত বলীউডৰ বিখ্যাত গায়ক মিকা সিং আৰু কোৰিঅ’গ্ৰাফাৰ ধৰ্মেশ ছাৰ (Mika Singh and Dharmesh Sir)ও উপস্থিত আছিল।

উল্লেখ্য যে প্ৰথমে সোম্যৰ দেউতাকে সোম্যক নৃত্যৰ ক্ষেত্ৰত সমৰ্থন কৰা নাছিল। কিন্তু পিছলৈ তেওঁ জীয়েকৰ সমৰ্থনত ওলাই আহিছিল। টাইমছ অৱ ইণ্ডিয়াৰ সৈতে কথা পাতি অনুষ্ঠানটোৰ বিজয়ী ১৬ বছৰীয়া সৌম্যই কয়, ‘যেতিয়া মই বিজয়ী হৈছিলোঁ, মই দেখিবলৈ পাইছিলো যে মোৰ দেউতা মোৰ বাবে কিমান গৌৰৱান্বিত। এইটো দেখি মই অত্যন্ত আৱেগিক হৈ পৰিছিলোঁ। শীর্ষ ৫ৰ ভিতৰত নির্বাচিত হোৱাৰ পিছতহে পিতৃয়ে কৈছিল- তুমি এতিয়া ডান্সাৰ হ’ব পাৰিবা। সৌম্য কাম্বলে বৰ্তমান একাদশ শ্ৰেণীত পঢ়ি আছে। তাই নৃত্যৰ লগতে পঢ়া শুনা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে। সৌম্যৰ সপোন হৈছে আন্তৰ্জাতিক মঞ্চত নৃত্যত ভাৰতক প্ৰতিনিধিত্ব কৰা। একে সময়তে সৌম্য কিয়াৰা আদৱানীক নৃত্য পৰিচালনা কৰিব বিচাৰে কিয়নো তাই কিয়াৰাৰ এজন ডাঙৰ অনুৰাগী। সৌম্যই কয় যে  ‘India’s Best Dancer 2’ৰ সংগীসকলক বহুত মনত পৰিব।

Leave A Reply

Your email address will not be published.