অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ’ল ভাৰতীয় দলক

0

বহু প্ৰতীক্ষিত টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ’ল ভাৰতীয় দলক। পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ অ’পেনিং যুটিয়ে অকলে শেষ কৰে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য।

৭ উইকেটৰ বিনিময়ত ভাৰতীয় দলে ১৫১ ৰান কৰে ২০ অভাৰত। অ’পেনাৰ ৰূপে অহা কে এল ৰাহুলৰ ৩ আৰু ৰোহিত শৰ্মাৰ ০ ৰানে বিপৰ্যয়ৰ মাজলৈ অনা দলটোক কোহলিৰ ৫১, সূৰ্যকুমাৰ যাদ‍ৱৰ ১১, ঋষভ পণ্টৰ ৩৯, ৰবীন্দ্ৰ জাদেজাৰ ১৩, হাৰ্দিক পাণ্ডিয়াৰ ১১, ভুৱনেশ্বৰ কুমাৰৰ ৫ ৰানে এটা স্থিতি উপনীত কৰাইছিল।

কিন্তু পাকিস্তানৰ বাবৰ আজম আৰু ৰিজৱানৰ বেটিং হিটত দিশহাৰা হোৱা দেখা যায় ভাৰতীয় বলাৰক। পাকিস্তানৰ শ্বাহীন আফ্ৰাদীয়ে ৰোহিত, ৰাহুল আৰু কোহলিৰ দৰে ৩ গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগতে হাছান আলীয়ে ২টা উইকেট লাভ কৰে। আনহাতে আটাইকেইগৰাকী ভাৰতীয় বলাৰক আজি ধৰাশায়ী কৰে পাকিস্তানে।

১৭.৫ অভাৰত খেল সমাপ্ত কৰা পাকিস্তানে মহম্মদ স্বামীৰ অভাৰটোত ১৭ ৰান কৰি খেলৰ সমাপ্তি ঘটায়। খেলখনত ভাৰতীয় দলটোক প্ৰথম অৱস্থাৰ পৰা বিপৰ্যয়ৰ মাজত সোমাই পৰা প্ৰত্যক্ষ কৰাৰ বিপৰীতে পাকিস্তানৰ দলটোৱে আগ্ৰাসী ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গৈছিল।

Leave A Reply

Your email address will not be published.