অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ

0

অহা ২৩ছেপ্টেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ । ২৫ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিউইয়ৰ্ক চিটিত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত প্ৰদান কৰিব ভাষণ । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা বিদেশ মন্ত্ৰণালয়ৰ পৰা জনোৱা মতে বিশেষকৈ সন্ত্ৰাসবাদ আৰু Covid-19 মহামাৰীয়ে সৃষ্টি কৰা  প্ৰত্যাহ্বানে স্থান পাব মোদীৰ ভাষণত । এনে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰতে লোৱা পদক্ষেপ আৰু দায়বদ্ধতাৰ সবিশেষ ৰাষ্ট্ৰসংঘৰ মজিয়াত উল্লেখ কৰিব প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ পৰিবৰ্তিত পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতৰ স্থিতিও স্পষ্ট কৰিব বুলি জানিব পৰা গৈছে । পূর্বেও ভাৰত চৰকাৰৰ উচ্চ স্তৰৰ প্ৰতিনিধিয়ে বিভিন্ন আন্তৰ্জাতিক মঞ্চত আফগানিস্তান যাতে ভাৰত বিৰোধী কাৰ্যকলাপৰ আশ্ৰয়স্থল নহয় সেই কথা বহুবাৰ সকীয়াই দিছে । আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যতাৰো দাবী উত্থাপন কৰিব মোদীয়ে । লগতে ৰাষ্ট্ৰসংঘৰ কার্যপ্ৰণালীৰ ব্যাপক সালসলনিৰো প্ৰস্তাৱ দিব মোদীয়ে ।

Leave A Reply

Your email address will not be published.