অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

হায়দৰাবাদৰ নাম সলনি হ’ব! হায়দৰাবাদৰ পৰিৱৰ্তে ইয়াৰ নাম হ’ব ভাগ্য নগৰ

0

দেশৰ প্ৰসিদ্ধ মহানগৰসমূহৰ সমূহৰ অন্যতন হায়দৰাবাদ। এই হায়দৰাবাদৰ নাম সলনি হ’ব! হায়দৰাবাদৰ পৰিৱৰ্তে ইয়াৰ নাম হ’ব ভাগ্য নগৰ। ইতিমধ্যে হায়দৰাবাদক ভাগ্যনগৰ হিচাপে উল্লেখ কৰাৰ কাম আৰম্ভ হৈছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিয়ে পূৰ্বৰে পৰা পৰা হায়দৰাবাদক ভাগ্যনগৰ হিচাপে নামাকৰণ কৰাৰ বিষয়টো উত্থাপন কৰি আহিছিল। সেই দাবী এতিয়া পুনৰ উত্থাপন কৰিছে আৰ এছ এছে। কেৱল দাবী উত্থাপন কৰাই নহয় আগন্তুক জানুৱাৰীত এই বিষয়ত এক বৈঠকতো মিলিত হ’ব আৰ এছ এছ আৰু বিজেপি দলৰ শীৰ্ষ নেতৃত্ব।

এই বিষয়ে আৰ এছ এছৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰা হৈছে। কেৱল বৈঠকৰ কথাই নহয় আৰ এছ এছে টুইটাৰত হায়দৰাবাদক ভাগ্যনগৰ বুলিয়েই সম্বোধন কৰিছে। আৰ এছ এছৰ এই টুইটটোৱে হায়দৰাবাদক ভাগ্যনগৰ বুলি উল্লেখ কৰি অহা মাহত আৰ এছ এছ আৰু মিত্ৰশক্তিৰ সমন্বয় বৈঠকৰ বিষয়ে উল্লেখ কৰিছে। এই সমন্বয় বৈঠকত অংশগ্ৰহণ কৰিব বিজেপি সভাপতি জে পি নাড্ডা, সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু সংঘৰ মুৰব্বী মোহন ভাগৱতৰ লগতে অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত থাকিব।

আৰ এছ এছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে সংঘৰ সমন্বয় সভাৰ বিষয়ে অৱগত কৰি লিখিছে, আৰ এছ এছৰ সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা বিভিন্ন সংগঠনৰ মুখ্য কৰ্মকৰ্তাসকলৰ সমন্বয় বৈঠক অহা মাহত ৫ ৰ পৰা ৭ জানুৱাৰী, ২০২২ লৈ তেলেংগানাৰ ভাগ্যনগৰ (হায়দৰাবাদ)ত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, প্ৰথমে হায়দৰাবাদ পৌৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেতিয়াৰ গৃহমন্ত্ৰী অমিত শ্বাহে হায়দৰাবাদক ভাগ্যনগৰ হিচাপে পুনৰ নামাকৰণ কৰাৰ কথা উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰী যোগীয়ে কৈছিল যে কিছুমান মানুহে মোক সুধিছিল যে হায়দৰাবাদক ভাগ্যনগৰ নামেৰে নামাকৰণ কৰিব পাৰিনে? মই তেওঁলোকক কৈছিলো যে বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত, আমি ফৈজাবাদক অযোধ্যা আৰু এলাহাবাদক প্ৰয়াগৰাজ নাম দিছিলো।

ইয়াৰ পূৰ্বে, দিল্লীৰ ঔৰঙ্গজেব ৰোডৰ নাম ড০ আব্দুল কালাম মাৰ্গ ৰখা হৈছিল। ভি এইচ পিৰ কাৰ্যবাহী অধ্যক্ষ আলোক কুমাৰে কৈছে যে ঠাইবোৰক পুৰণি ঐতিহাসিক নামেৰে বা বৰ্তমান প্ৰজন্মৰ বাবে আদৰ্শ লোকৰ নামত মাতিব লাগে। কোনো দেশতে আক্ৰমণকাৰী আৰু ডকাইতৰ নামেৰে নামাকৰণ কৰা ঠাই নাই। সেইকাৰণে আমি হায়দৰাবাদক ভাগ্যনগৰ বুলি কওঁ। আমি আশা কৰো যে ইয়াক ভাগ্যনগৰ নাম দিয়া হ’ব।

Leave A Reply

Your email address will not be published.