অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

মেঘালয়ৰ উমছামলেম গাঁৱত ভয়ংকৰ ঘটনা

0

মেঘালয়ৰ উমছামলেম গাঁৱত ভয়ংকৰ ঘটনা। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপকৰ। নিহত লোকজনৰ নাম ফাৰ্ডিনান্দ বি লিংডো। শনিবাৰে সংঘটিত হয় এই ঘটনা।

নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ। জানিব পৰা মতে, তেওঁ শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণী লৈছিল লোকজনে। সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন। জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত।

এই ঘটনাৰ পিছতে ড০ মুকুল ছাংমাসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই নিহত লিংডোৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.