অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ চিনেমা হল খোলাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

0

কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত প্ৰায় এবছৰ ধৰি বন্ধ হৈ আছে চিনেমা হলসমূহ। চিনেমা হল বন্ধ হৈ থকাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা মালিক তথা কৰ্মচাৰীসকলৰ। দেওবাৰে চিনেমাগৃহ পুনৰ মুকলিৰ দাবীত হলৰ কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাও দেখিবলৈ পোৱা গৈছিল।

কিন্তু তাৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিনেমা হল খোলাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। হলসমূহ পুনৰ মুকলিৰ ক্ষেত্ৰত অক্টোবৰ মাহত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চলিত মাহৰ ক’ভিদ পৰিস্থিতি লক্ষ্য কৰিহে চিনেমা গৃহ পুনৰ খুলি দিয়াৰ সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

কিন্তু অক্টোবৰত চিনেমা হল খুলি দিলেও সকলোৱে মানি চলিব লাগিব কোভিড বিধি। ইয়াৰ বাবে চৰকাৰে জাৰি কৰিব নতুন SOP। উল্লেখ্য যে, ৰাজ্যৰ সকলো ৰাজহুৱা অনুষ্ঠান খুলি দিয়াৰ পাছত চিনেমা গৃহ সমূহ বন্ধ কৰি ৰখাৰ কোনো যুক্তি নাই বুলি দেওবাৰে মন্তব্য কৰিছিল চিনামাহলৰ মালিক তথা কৰ্মচাৰীসকলে।

Leave A Reply

Your email address will not be published.