অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

চৰকাৰী চাকৰিয়ালসকলক ২০২২চনৰ জানুৱাৰী ৬ আৰু ৭ তাৰিখে বিশেষ বন্ধ দিয়াৰ ঘোষণা

0

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিয়ালসকলক ২০২২চনৰ জানুৱাৰী ৬ আৰু ৭ তাৰিখে বিশেষ বন্ধ দিয়াৰ ঘোষণা কৰিছিল। পৰিয়ালৰ সৈতে যাতে চৰকাৰী কৰ্মচাৰীসকলে সময় কটাব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

লক্ষণীয় যে, নৱবৰ্ষৰ এই বিশেষ বন্ধ ৬ আৰু ৭ তাৰিখৰ লগতে তেওঁলোকে চৰকাৰী নিয়মীয়া বন্ধ ৮ আৰু ৯ তাৰিখেও কাৰ্যালয়লৈ আহিব নালাগে। কিয়নো ৮ জানুৱাৰী দ্বিতীয়টো শনিবাৰ অৰ্থাৎ ছেকেণ্ড ছেটাৰডে’ আৰু ৯ তাৰিখ দেওবাৰ। অৰ্থাৎ একেলগে ৪টা দিন পৰিয়ালৰ সৈতে অতিবাহিত কৰিবলৈ সময় পাব তেওঁলোকে। ঘোষণা কৰা জাননীখনত উল্লেখ কৰা আছে যে- অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৬ আৰু ৭ জানুৱাৰীত কেজুৱেল লীভ (বন্ধ) ল’ব পাৰিব। যাতে তেওঁলোকে পিতৃ-মাতৃ বা শহু-শাহুৰ সৈতে সয়ম অতিবাহিত কৰিব পাৰে।

ইফালে, দেওবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয় যে- বন্ধ দিন কেইটাত পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ ফটো দিয়াটো বাধ্যতামূলক। তেওঁ লগতে কয় যে- স্বাস্থ্য কৰ্মী, আৰক্ষী বা আনবোৰ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে আগন্তুক চাৰি মাহত পৰ্যায়ক্ৰমে এই বন্ধ লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত স্বাধীনতা দিৱসৰ দিনটোত ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক বছৰত এবাৰ অতিৰিক্ত সাত দিনৰ ছুটী দিয়াৰ বাবে সিদ্ধান্ত লৈছিল। কিন্তু পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰিব লাগিব বুলি এক চৰ্ত থাকিব। লগতে কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ নপঠিয়াও বুলি সংকল্প ল’বলৈ কয়।

Leave A Reply

Your email address will not be published.