অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ভাল খবৰ

0

ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ভাল খবৰ। বুধবাৰৰ দিনা ভাৰতীয় বায়ু সেনাত নতুনকৈ সংযোজিত হ’ল আৰু ৩খন ৰাফেল যুঁজাৰু বিমান। বুধবাৰে মাজনিশা ফ্ৰান্সৰ পৰা ইউএই হৈ ভাৰতত প্ৰৱেশ কৰে ৩খন ৰাফেলে। ইতিমধ্যে ভাৰতীয় বায়ু সেনাই ২৬খন ৰাফেল এয়াৰক্ৰাফট ফ্ৰান্সৰ পৰা লাভ কৰিছে। নতুনকৈ সংযোজিত হোৱা ৩খন ৰাফেল এয়াৰ ক্ৰাফটৰ সৈতে ভাৰতে ফ্ৰান্সৰ পৰা সৰ্বমুঠ ২৯খন ৰাফেল লাভ কৰিলে।

গুজৰাটৰ জামনগৰ এয়াৰফৰ্চ ষ্টেচনত অৱতৰণ কৰা এই ৩খন ৰাফেল এয়াৰক্ৰাফটে পঞ্জাৱৰ আম্বালৰ গ’ল্ডেন এয়াৰ স্কোৱাড্ৰনত চামিল হ’ব বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ২০১৬ চনত প্ৰায় ৬০ হাজাৰ কোটি টকাৰে ভাৰত চৰকাৰে ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধিৰ বাবে ৩৬খন ৰাফেল এয়াৰ ক্ৰাফট ক্ৰয় কৰাৰ চুক্তি কৰিছিল।

বৰ্তমানলৈকে ইয়াৰ ২৯খন ৰাফেল বিমান লাভ কৰিলে ভাৰতে। এয়াৰ চীফ বি আৰ চৌধুৰীৰ মতে ডিচেম্বৰৰ ভিতৰত আৰু ৩খন ৰাফেল ভাৰতীয় বায়ু সেনাত সংযোজিত হ’ব। ৰাফেলৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় বায়ু সেনাক বহুগুণে বেছি শক্তিশালী কৰিছে বুলিও এয়াৰ চীফ গৰাকীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.