অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি মৃত্যু বাৰ্ষিকী

0

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। ২০২০ চনৰ ২৩ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অনুপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰিলে অসমৰ জনসাধাৰণে। তিনিটাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ হাতত লোৱা গগৈয়ে হাঁহি মুখেৰেই পালন কৰিছিল মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব। যাৰ বাবে তেওঁ আপোন কৰি লবলৈ সক্ষম হৈছিল শত্ৰুকো।

১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ সময় মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।

প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ছোৱাত কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰায়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ছোৱাত আছিল কংগ্ৰেছ দলটোৰ সাধাৰণ সম্পাদক। দুটাকৈ কাৰ্যকাল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গগৈ ৰাজ্যৰ কংগ্ৰেছ দলটোৰ বাবেই এসময়ত হৈ পৰিছিল অবিসম্বাদী নেতা।

লক্ষণীয়ভাৱে সুদীৰ্ঘ সময় ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকাৰ উপৰিও সাংসদ, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আদিৰ দায়িত্ব পালন কৰা গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা নাছিল এটাও দুৰ্নীতিৰ অভিযোগ। যিসময়ত কংগ্ৰেছ দলটোৰ বিৰুদ্ধে, দলটোৰ কেন্দ্ৰীয় নেতা, ৰাজ্যৰ বিভিন্ন নেতাৰ বিৰুদ্ধে হাজাৰ-হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল, দলটো দুৰ্নীতিৰ অভিযোগত গণবিচ্ছিন্ন হৈছিল তেনে সময়তো এইগৰাকী নেতাৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন নোহোৱাটোৱে এতিয়াও বিশেষ চৰ্চা লাভ কৰে।

প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। তেওঁ আগবঢ়োৱা অৱদানৰ বাবেই শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে মৰনোত্তৰভাৱে প্ৰদান কৰিলে পদ্মভূষণ বঁটা। প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পত্নী ডলী গগৈয়ে ৮ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে।

ইফালে পিতৃৰ প্ৰথম মৃত্যু বাৰ্ষিকীত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে পিতৃক স্মৰণ কৰি সামাজিক মাধ্যমত উল্লেখ কৰিছে যে, আমাৰ সকলোৰে প্ৰিয় আৰু আপোন, প্ৰাক্তন মুখ্যমন্ত্রী, জননেতা, পদ্মভূষণ পৰম শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ আজিৰ দিনটোতেই এবছৰ পূর্বে পৰলোকপ্ৰাপ্তি হৈছিল। আজি প্ৰথম মৃত্যু বাৰ্ষিকীত আমি পৰিয়ালৰ সকলোৱে গভীৰ শ্ৰদ্ধা আৰু মধুৰ স্মৃতিৰে আপোনাক সোঁৱৰিছো। আপোনাৰ জীৱনাদৰ্শই আমাক আজীৱন অনুপ্রাণিত কৰি থাকিব। আপুনি আমাৰ বাবে মাথো পৰম নমস্য আৰু আদৰ্শই নহয়, অনুপ্ৰেৰণাৰ অবিচলিত উৎসও। আপোনাৰ হাঁহিটোৰ উমাল মৰম আমাৰ মন-হৃদয়ত চিৰকাল সজীৱ হৈ থাকিব। আমাৰ দৃষ্টিৰ অগোচৰে আপুনি য’তেই আছে, তাৰে পৰাই আমাক আশীৰ্বাদ কৰি থাকিব।

Leave A Reply

Your email address will not be published.